Local, Vocal, Global

IPL match in guwahati barshapara stadium : আজি গুৱাহাটীৰ বৰ্ষাপাৰা ষ্টেডিয়ামত অনুষ্ঠিত হ’ব আইপিএলৰ খেল;ৰাজস্থান ৰয়েলছ মুখামুখি হ’ব পঞ্জাব কিংছৰ

নিউজ ডেস্ক,১৫মে’ : আজি গুৱাহাটীৰ বৰ্ষাপাৰা ষ্টেডিয়ামত অনুষ্ঠিত হ’ব আইপিএলৰ খেল। ৰাজস্থান ৰয়েলছ মুখামুখি হ’ব পঞ্জাব কিংছৰ। সন্ধিয়া ৭.৩০ বজাৰ পৰা অনুষ্ঠিত হ’ব খেল। বিয়লি ৪.৩০ বজাত খুলি দিয়া হ’ব ষ্টেডিয়ামৰ ৭খন গেট। ষ্টেডিয়ামৰ কাষত পাৰ্কিং কৰিব পাৰিব ৩,৫০০ বাহন। চম্পাৱতী খেলপথাৰ, দতালপাৰাতো খেল যাবলৈ যোৱা লোকসকলে ৰাখিব পাৰিব তেওঁলোকৰ বাহন। আনহাতে, লুতুমা ফিল্ড, ৰোলিং মিল ফিল্ডতো ৰাখিব পাৰিব বাহনসমূহ। ষ্টেডিয়ামৰ ভিতৰলৈ নিব পাৰিব মোবাইল ফোন আৰু মাণিবেগ(IPL match in guwahati barshapara stadium)।

ইফালে আজি বৰ্ষাপাৰাত অনুষ্ঠিত হ’বলগীয়া আইপিএল মেচৰ সময়ত যাতে মহানগৰীত কোনো যান-জঁটৰ সমস্যাৰ সৃষ্টি নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি মহানগৰ যান-বাহন আৰক্ষীয়ে জাৰি কৰিছে কিছু নিষেধাজ্ঞা ।

ৰাষ্ট্ৰীয় ঘাইপথেৰে বাণিজ্যিক বাহন চলাচলত বাধা। বিয়লি ৩ বজাৰ পৰা বাণিজ্যিক বাহন চলাচলত বাধা। নিশা ১২ বজালৈ এই নিষেধাজ্ঞা বাহাল থাকিব। বৰ্ষাপাৰাৰ সমীপৰ পথত চলাব নোৱাৰিব বাণিজ্যিক বাহন। বিয়লি ৩.৩০ বজাৰ পৰা প্ৰযোজ্য হ’ব এই নিৰ্দেশনা। কেৱল জৰুৰীকালীন সেৱাৰ বাহনহে চলাচল কৰিব পাৰিব।

তদুপৰি, জিএছ ৰোড, বি কে কাকতি পথত বাণিজ্যিক বাহনৰ চলাচলত বাধা থাকিব। এ কে আজাদ ৰোড, এ কে দেৱ ৰোড, কুল বসুমতাৰী ৰোড, এফ এ ৰোড, ঢপলিয়া ৰোডতো বাণিজ্যিক বাহনৰ চলাচলত থাকিব বাধা। বিষ্ণুপুৰ ৰোড, এম জি ৰোড, এটি ৰোড, আৰএমচি ৰোড, জিএমবি ৰোড, কাহিলীপাৰা ৰোডত বন্ধ থাকিব বাণিজ্যিক বাহন। আৰ্য নগৰৰ পৰা লখৰা চাৰিআলিলৈ থাকিব ৱান ৱে’।১৫ আৰু ১৯ মে’ত দিনৰ ৩ বজাৰ পৰা নিশা ১২ বজালৈ এই বাধা আৰোপ কৰিছে যান-বাহন আৰক্ষীয়ে।

লগতে পঢ়ক : Guwahati police issues traffic guidelines ahead of IPL match in Barsapara stadium : IPLৰ বাবে যান-বাহন আৰক্ষীৰ বিশেষ নিৰ্দেশনা