Local, Vocal, Global

Tragic Accident in Nazira : নাজিৰাত শোকাৱহ দুৰ্ঘটনা;নিহত এজন,গুৰুতৰভাৱে আহত দুজন

নাজিৰা,১৫মে’ : এক শোকাৱহ দুৰ্ঘটনা । নিহত এজন,গুৰুতৰভাৱে আহত এজন ।

নাজিৰাত সংঘটিত হৈছে ভয়ংকৰ পথ দুৰ্ঘটনা। মঙলবাৰে নিশা নাজিৰা টাউনৰ মাজমজিয়াত এখন পালচাৰ ২০০ আৰু হোণ্ডা CB ১২৫ ৰ মাজত মুখামুখি সংঘৰ্ষ।
ফলত থিতাতে নিহত হয় এজন।গুৰুতৰভাৱে আহত হয় দুজন(Tragic Accident in Nazira)

জানিব পোৱা মতে,মৃত যুৱকজন চহিদুল ইছলাম বুলি চিনাক্ত কৰাৰ লগতে আহত যুৱকজন দেৱাশীষ গগৈ(২৮) । বৰ্তমান আহতযুৱজনক লিগিৰী পুখুৰী অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও আহতজনক প্ৰাথমিক চিকিৎসা প্ৰদান কৰি উন্নত চিকিৎসাৰ বাবে জয়সাগৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় ।

বৰ্তমানলৈ জানিবলৈ পৰা হোৱা নাই আহত যুৱক এজনৰ পৰিচয়।

লগতে পঢ়ক : Two men arrested in Merapani :যোৰহাট আৰক্ষী আৰু মেৰাপানী আৰক্ষীৰ যুটীয়া অভিযান; অভিযানত পিষ্টলসহ আটক দুজনক