Local, Vocal, Global

14 trapped at Kolihan copper mine in Jhunjhunu after lift collapse : লিফট খহি আৱদ্ধ ১৪গৰাকীকৈ লোক;বৰ্তমানলৈ উদ্ধাৰ হোৱা নাই আৱদ্ধ লোক

নেশ্যনেল ডেস্ক,১৫মে’ : এক ভয়ংকৰ দুৰ্ঘটনা । লিফট খহি আৱদ্ধ ১৪গৰাকীকৈ লোক । বৰ্তমানলৈ উদ্ধাৰ হোৱা নাই আৱদ্ধ লোক ।

ৰাজস্থানত সংঘটিত হৈছে এক ভয়ংকৰ দুৰ্ঘটনা ৷ ৰাজ্যখনৰ ঝুনঝুনু জিলাত লিফট খহি আৱদ্ধ ১৪ গৰাকীকৈ লোক(14 trapped at Kolihan copper mine in Jhunjhunu after lift collapse) ৷

মঙলবাৰে সংঘটিত হৈছে এই ভয়ংকৰ ঘটনাটো । হিন্দুস্তান কপাৰ লিমিটেডৰ তামৰ খনিত সংঘটিত এই ঘটনাটো ৷ এই ভয়ংকৰ ঘটনাটো সংঘটিত হোৱাৰ পিছতে ঘটনাস্থলীত উদ্ধাৰকাৰী দল উপস্থিত হয় আৰু উদ্ধাৰ অভিযান চলাই যদিও বৰ্তমানলৈকে উদ্ধাৰ কৰিব পৰা নাই লোককেইজনক ৷

বৰ্তমানলৈ অব্যাহত আছে উদ্ধাৰকাৰী দলৰ উদ্ধাৰ অভিযান লগতে ঘটনাস্থলীত ইতিমধ্যে এম্বুলেঞ্চ সেৱাৰ লগতে চিকিৎসক আৰু পৰ্যাপ্ত আৰক্ষী মোতায়েন কৰা হৈছে, যাতে উদ্ধাৰ অভিযান অধিক তীব্ৰতৰ কৰি তুলিব পৰা যায়(14 trapped at Kolihan copper mine in Jhunjhunu after lift collapse, rescue operation underway) ৷

এই ঘটনা সন্দৰ্ভত স্থানীয় বিজেপি বিধায়ক ধৰ্মপাল গুৰ্জাৰে কয়, “মই নিৰ্বাচনী প্ৰচাৰৰ বাবে হাৰিয়ানালৈ গৈছিলো ৷ কিন্তু এই দুৰ্ঘটনাৰ খবৰ লাভ কৰা মাত্ৰকে লগে লগে ইয়ালৈ আহিছিলো । ঘটনাস্থলীত উপস্থিত হৈ সমগ্ৰ পৰিস্থিতিৰ বুজ লৈছিলো” ।

সম্প্ৰতি ঘটনাস্থলীত উদ্ধাৰকাৰী দলৰ লগতে ৬-৭ খনকৈ এম্বুলেন্স মজুত আছে ৷ সমান্তৰালকৈ সমগ্ৰ প্ৰশাসন সতৰ্ক হৈ থকা বুলি বিধায়কগৰাকীয়ে সদৰী কৰে । অৱশ্যে এতিয়ালৈকে কোনো হতাহত হোৱাৰ খবৰ পোৱা হোৱা নাই ৷ সকলোৱে সুৰক্ষিতভাৱে ওলাই অহাৰ আশা প্ৰকাশ কৰে বিধায়কগৰাকীয়ে ৷

লগতে পঢ়ক : 4 Killed in RTC Bus Accident near Konaseema : দ্ৰুতবেগী বাছৰ খুন্দা ট্ৰেক্টৰত ফলত নিহত চাৰিজন লোক