2024 Lok Sabha polls: বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নাড্ডাৰ অধ্যক্ষতাত হায়দৰাবাদত আঞ্চলিক পৰামৰ্শদাতা বৈঠক
নেশ্যনেল ডেস্ক, ৯ জুলাই: ভাৰতীয় জনতা পাৰ্টিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডা(Bharatiya Janata Party national president JP Nadda)ৰ অধ্যক্ষতাত দেওবাৰে হায়দৰাবাদত এখন গুৰুত্বপূৰ্ণ আঞ্চলিক পৰামৰ্শদাতা বৈঠক অনুষ্ঠিত হৈ যায় (regional consultative meeting of BJP) । দলটোৰ দক্ষিণ ভাৰতৰ জ্যেষ্ঠ নেতাসকলৰ লগতে আন কেইবাখনো ৰাজ্যৰ দলীয় নেতাৰ অংশগ্ৰহণেৰে অনুষ্ঠিত এই বৈঠকত আগন্তুক লোকসভা নিৰ্বাচনৰ লগতে বহুকেইটা গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত দলৰ ৰণনীতি প্ৰস্তুত কৰা হয় ।
দেওবাৰৰ এই বৈঠকত কেৰালা, তামিলনাডু, পুডুচেৰী, কৰ্ণাটক, তেলেংগানা, অন্ধ্ৰ প্ৰদেশ, মহাৰাষ্ট্ৰ, গোৱা, আন্দামান আৰু লক্ষদ্বীপৰ দলীয় নেতাসকল উপস্থিত থাকে (2024 Lok Sabha polls)। চলিত বছৰটোৰ শেষৰফালে তেলেংগানাত অনুষ্ঠিত হ’বলগীয়া বিধানসভা নিৰ্বাচনৰ ওপৰতো এই বৈঠকত ৰণনীতি প্ৰস্তুত কৰা হয় (Assembly polls in Telangana) ।
লগতে পঢ়ক: Domestic violence in Barpeta : ৰাজ্যত পুনৰ বোৱাৰী নিৰ্যাতনৰ ঘটনা
হায়দৰাবাদস্থিত তেলেংগানা বিজেপিৰ মুখ্য কাৰ্যালয় (BJP Telangana headquarters in Hyderabad)ত অনুষ্ঠিত হোৱা এই আঞ্চলিক পৰামৰ্শদাতা বৈঠকত দলৰ সাধাৰণ সম্পাদক বি এল সন্তোষ আৰু অন্যান্য জ্যেষ্ঠ নেতাসকলৰ লগতে দলৰ সাংসদ, বিধায়ক আৰু ৰাজ্যিক গোটৰ সভাপতিকে ধৰি বহুকেইগৰাকী নেতা উপস্থিত থাকে। বৈঠকত নাড্ডাই তেলেংগানা বিজেপিৰ নৱনিৰ্বাচিত সভাপতি কেন্দ্ৰীয় মন্ত্ৰী জি কিষান ৰেড্ডীকো সম্বৰ্ধনা জনায়।
ইয়াৰ পূৰ্বে শনিবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী (Prime Minister Narendra Modi)য়ে নিৰ্বাচনমুখী ৰাজ্যখনৰ ৱাৰাংগলত এক সমাৱেশত ভাষণ প্ৰদান কৰি ৰাজ্যখনৰ মুখ্যমন্ত্ৰী কে চন্দ্ৰশেখৰ ৰাও (Chief Minister K Chandrasekhar Rao) আৰু বিআৰএছ চৰকাৰৰ লগতে কংগ্ৰেছ দলটোকো তীব্ৰভাৱে সমালোচনা কৰিছিল ।
প্ৰধানমন্ত্ৰীগৰাকীয়ে তেখেতৰ ভাষণত কয়, “ৰাজ্যখন বংশবাদী ৰাজনীতিৰ জালত আবদ্ধ হৈ আছে” (Trapped in a web of dynastic politics)।
প্ৰধানমন্ত্ৰী মোদীয়ে কয়, বিআৰএছ আৰু কংগ্ৰেছ দুয়োটা দলেই তেলেংগানাৰ জনসাধাৰণৰ বাবে খুবেই বিপজ্জনক । কেচিআৰে ৰাজ্যখনত আটাইতকৈ দুৰ্নীতিগ্ৰস্ত এখন চৰকাৰ চলাই আছে।
ভাষণৰ পূৰ্বে প্ৰধানমন্ত্ৰীগৰাকীয়ে ৱাৰংগলত ৬,১০০ কোটি টকাৰ বিভিন্ন আন্তঃগাঁথনি আৰু উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰাৰ লগতে দেশৰ ইতিহাস সমৃদ্ধ কৰাৰ ক্ষেত্ৰত তেলেংগানাবাসীৰ অৱদানক কৰিছিল প্ৰশংসা ।
লগতে পঢ়ক: Rajnath Singh visit to Malaysia : তিনিদিনীয়া ভ্ৰমণসূচীৰে মালয়েছিয়ালৈ যাত্ৰা আৰম্ভ ৰাজনাথ সিঙৰ