Local, Vocal, Global

Domestic violence in Barpeta : ৰাজ্যত পুনৰ বোৱাৰী নিৰ্যাতনৰ ঘটনা

বৰপেটা, ৯জুলাই : ৰাজ্যত পুনৰ বোৱাৰী নিৰ্যাতনৰ ঘটনা ৷ কলগাছিয়াত সংঘটিত হৈছে এই ঘটনাৰ । বৰপেটা জিলাৰ কলগাছিয়া আৰক্ষী থানাৰ অন্তৰ্গত শওপুৰ গাঁৱত বোৱাৰী নিৰ্যাতনৰ ঘটনা । যৌতুকৰ দাবীত ৰাজ্যত পুনৰ বোৱাৰীক ওপৰত চলালে অকথ্য নিৰ্যাতন।

উল্লেখ্য যে, অভিযোগ অনুসৰি কলগাছিয়াৰ এগৰাকী বোৱাৰীক দীৰ্ঘদিনৰ পৰা যৌতুকৰ দাবীত শাৰীৰিকভাৱে অত্যাচাৰ কৰি আহিছে (Domestic violence in Barpeta)।

জানিব পৰা মতে, জনীয়া সমষ্টিৰ হালধীয়া গাঁৱৰ এগৰাকী কন্যা প্ৰায় এঘাৰ বছৰ পূৰ্বে শওপুৰ গাঁৱৰ তাৰিফ আলীৰ নামৰ এজন লোকৰ সৈতে সামাজিক ৰীতি-নীতিৰে বিবাহপাশত আৱদ্ধ হৈছিল । বৰ্তমান বৰ্তমান দুয়ো তিনি সন্তানৰ পিতৃ-মাতৃ(woman harassment in kalgachia) ।

কিন্তু বিয়াৰ পিছৰ পৰাই স্বামীৰ লগতে স্বামীৰ পৰিয়ালে যৌতুকৰ দাবীত তাৰিফ আলীৰ পত্নীক শাৰীৰিক আৰু মানসিক অত্যাচাৰ চলোৱা বুলি অভিযোগ কৰিছে ভুক্তভোগীয়ে (Domestic violence in Barpeta) ।

জানিব পৰা মতে, স্বামীৰ পৰিয়ালটোৱে দাবী কৰা মতে যৌতুক দিব নোৱাৰাৰ বাবেই শাৰীৰিক আৰু মানসিকভাৱে অত্যাচাৰ চলাই আহিছিল বোৱাৰীগৰাকীক । স্বামীৰ লগতে স্বামীৰ পৰিয়ালৰ অত্যাচাৰ সহিব নোৱাৰি কিছুদিন পূৰ্বে নিজ পিতৃৰ ঘৰলৈ গুছি গৈছিল বোৱাৰীগৰাকী ৷

কিন্তু শনিবাৰে পুনৰ স্বামীৰ ঘৰলৈ ওভতি আহিছিল ভুক্তভোগী গৰাকীয়ে আৰু ঘৰত উপস্থিত হোৱাৰ পিচতে পুনৰ আৰম্ভ হৈছিল নিৰ্যাতন ৷ স্বামীৰ লগতে স্বামীৰ পৰিয়ালৰ লোকে শনিবাৰৰ নিশা প্ৰায় ১০ মান বজাত নিৰ্মমভাৱে মাৰপিট আৰম্ভ কৰিছিল আৰু দুই নিষ্পাপ শিশু সহ পত্নীক ৰাস্তাৰ দাঁতিত পেলাই দি যায় ৷ ইয়াৰ পিচতে স্বামীৰ লগতে পৰিয়ালৰ লোকে পলায়ন কৰে বুলি কয় ভুক্তভোগীৰ পৰিয়ালটোৱে ।

ঘটনাস্থলীত নিশা প্ৰায় ১২ মান বজাত কলগাছিয়া আৰক্ষী উপস্থিত হৈ মহিলাগৰাকীক উদ্ধাৰ কৰে আৰু বৰপেটা অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰায় । ভুক্তভোগী পৰিয়ালটোৱে উক্ত ঘটনাৰ বিষয়ে আৰক্ষী প্ৰশাসনক জনাই আৰু ঘটনাৰ উচিত তদন্ত দাবী কৰাৰ লগতে দোষীক উপযুক্ত শাস্তি প্ৰদানৰ দাবী জনায় । পিছে আৰক্ষীয়ে স্বামী আৰু স্বামীৰ পৰিয়ালৰ বিৰুদ্ধে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া সময়ত লক্ষণীয় হ’ব।

যৌতুকৰ বিচাৰি ৰাজ্যত চলি আছে নাৰী নিৰ্যাতনৰ ঘটনা কোনো নতুন কথা নহয়।যৌতুকৰ বাবে ইতিমধ্যে বহু যুৱতীয়ে বিয়াৰ পাছত স্বামী আৰু তেওঁৰ পৰিয়ালৰ অকথ্য নিৰ্যাতনৰ বলি হ’বলগীয়া হয়। এই যৌতুকৰ প্ৰথাৰ বিৰুদ্ধে চৰকাৰে আইন বলবৎ কৰিছে যদিও এই আইনলৈ কেৰেপ নকৰে একাংশ লোকে ।

লগতে পঢ়ক : Biswanath Body recovered : বিশ্বনাথত চাঞ্চল্যকৰ ঘটনা