Local, Vocal, Global

Dengue outbreak in Diphu Karbi Anglong : ডিফুত ডেংগুৰ সংহাৰী ৰূপ, আক্ৰান্ত ২ হাজাৰৰো অধিক লোক

নিউজ জেস্ক, ১৯আগষ্ট : ডিফুত ডেংগুৰ সংহাৰী ৰূপ ৷ কাৰ্বি আংলং জিলাৰ ডিফুত ডেংগুৱে এতিয়াই ভয়ংকৰ ৰূপ লোৱা পৰিলক্ষিত হৈছে ৷ ডিফুত এতিয়ালৈ ২০০০ ৰো অধিক লোক আক্ৰান্ত হৈছে ডেংগুত লগতে ৪ জনকৈ লোক মৃত্যু মুখত পৰিছে ।

ডেংগুৱে যেন জিলাখনত এক আতংকময় পৰিৱেশৰ সৃষ্টি কৰিছে । ডেংগুৰ আতংকই জিলা স্বাস্থ্য বিভাগৰ লোকক উদ্বিগ্ন কৰি তুলিছে ৷ জিলাখনত স্বাস্থ্য বিভাগৰ জৰিয়তে ডেংগুৰ বিৰুদ্ধে বিভিন্ন ধৰণৰ সজাগতামূলক পদক্ষেপ গ্ৰহণ কৰাৰ পিছতো হ্ৰাস হোৱা নাই ডেংগুৰ সংক্ৰমণ ৷ যেন সকলো প্ৰচেষ্টাই ব্যৰ্থ প্ৰমাণিত হৈছে (Karbi Anglong Diphu joint director of health press conference on dengue outbreak in diphu)।

উল্লেখ্য যে, শুকুৰবাৰে সন্ধিয়াই কাৰ্বি আংলং জিলাৰ স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালক বৰচিং ৰংপিয়ে ডিফুত এক সংবাদ মেল সম্বোধন কৰে আৰু ডিফুত ডেংগুৰ সংক্ৰমণ অনিয়ন্ত্ৰিত হৈ পৰিছে বুলি জনায় । লগতে ডিফুত এই পৰ্যন্ত ২০৪১ জন লোক ডেংগুত আক্ৰান্ত হোৱাৰ লগতে ৪ জন লোক মৃত্যু হোৱাৰ তথ্য প্ৰকাশ কৰে (Dengue outbreak in Diphu Karbi Anglong 4 killed)।

লগতে কাৰ্বি আংলং জিলাৰ স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালক বৰচিং ৰংপিয়ে কয় যে , ডিফুত ডেংগুৰ সংক্ৰমণ অনিয়ন্ত্ৰিত হৈ পৰিছে । সজাগতামূলক পদক্ষেপ গ্ৰহণ কৰিও ডিফুত ডেংগু প্ৰতিৰোধ কৰিব পৰা নাই বিভাগটো। এনে ভয়ংকৰ পৰিস্থিতিত এতিয়াৰে পৰা ডিফু পৌৰ সভাৰ পৰামৰ্শৰ ভিত্তিত যিসকললোকে সজাগতামূলক ব্যৱস্থা গ্ৰহণ নকৰে তেওঁলোকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰাৰ কথা উল্লেখ কৰে বিষয়াজনে।

তেওঁ কয়, এই ডেংগুৰ সংক্ৰমণ প্ৰতিৰোধ কৰাৰ বাবে যিসকল লোকে সাৱধানতা অৱলম্বন নকৰে তেওঁলোকে জৰিমণা ভৰিব লাগিব। এই জৰিমণা ৫০০ টকাৰ পৰা ৫০০০ পৰ্যন্ত হ’ব বুলি জানিবলৈ দিয়ে বিষয়াজনে ।

উল্লেখ্য যে, ডিফুত ডেংগুয়ে সংহাৰী ৰূপ লৈছে আৰু এইবাৰ ডিফুত সংক্ৰমণ সৰ্বাধিক। সেয়েহে এনে পৰিস্থিতিত জিলাখনৰ স্বাস্থ্য বিভাগৰ লোকসকলৰ মাজত গভীৰ উদ্বেগৰ সৃষ্টি হৈছে।

লগতে পঢ়ক :Japanese Encephalitis : যোৰহাটত জাপানীজ এনকেফেলাইটিছৰ ভয়াবহ ৰূপ