Local, Vocal, Global

ৰাজ্যত অব্যাহত কাল কৰ’নাৰ ভয়াৱহতা

ৰাজ্যত অব্যাহত কাল কৰ’নাৰ ভয়াৱহতা। বিগত ২৪ ঘন্টাত ৰাজ্যত পুনৰ কৰ’নাত আক্ৰান্ত ১,৫৩৭ গৰাকী। উল্লেখযোগ্য যে দেওবাৰৰ দিনটোত আৰোগ্য লাভ কৰে ১৭৬৩ গৰাকী ৰোগীয়ে। ইয়াৰ বিপৰীতে মৃত্যু হয় ৮ গৰাকীকৈ লোক।
নতুনকৈ আক্ৰান্ত সকলৰ ভিতৰত ৩৮২ গৰাকী কামৰূপ মহানগৰৰ, ১০৮ গৰাকী ডিব্ৰুগড়ৰ আৰু ১২৫ হোজাই জিলাৰ।
ৰাজ্যত বৰ্তমানলৈ কৰ’নাত আক্ৰান্ত হৈছে ১লাখ ২৫হাজাৰ ৪৫৯ গৰাকী, সম্প্ৰতি চিকিৎসাধীন অৱস্থাত আছে ২৮,২৭৩ গৰাকী। বৰ্তমানলৈ ৰাজ্যত সুস্থ হৈছে ৯৬,৮৩২ গৰাকী ৰোগীয়ে। ইয়াৰ বিপৰীতে ৰাজ্যত মৃত্যু হৈছে ৩৬০ গৰাকী লোকৰ।
দেওবাৰৰ দিনটোৰ ৰাজ্যৰ স্বাস্থ্য বিভাগে ২৩,৩৩৬ গৰাকীকৈ লোকৰ স্বোৱাব পৰীক্ষাৰ কৰে। আৰু দেওবাৰে ৰাজ্যত আক্ৰান্তৰ হাৰ ৬.৫৮ শতাংশ।