ফেব্ৰুৱাৰীত নহয় এইবাৰ মাৰ্চতহে অনুষ্ঠিত হ’ব মেট্ৰিক পৰীক্ষা। সলনি হ’ল মেট্ৰিক পৰীক্ষাৰ সময়সূচী।মাধ্যমিক শিক্ষা পৰিষদে ঘোষণা কৰিলে এই কথা। বিগত বৰ্ষসমূহৰ দৰে অহা বছৰ ফেব্ৰুৱাৰীত নহয়, মাৰ্চত অনুষ্ঠিত হ’ব দশম শ্ৰেণীৰ চূড়ান্ত পৰীক্ষা।
কৰ’না ভাইৰাছৰ ফলত স্বাভাৱিক জীৱন-যাপনৰ লগতে সলনি হৈছিল দেশৰ শিক্ষা ব্যৱস্থা। লকডাউনৰ বাবে শিক্ষা লাভৰ ক্ষেত্ৰত ক্ষতি হৈছিল বহু ছাত্ৰ-ছাত্ৰীৰ জীৱন। এই ক্ষতিৰ পৰা ছাত্ৰ-ছাত্ৰীসকলক ৰক্ষা কৰিবৰ বাবে পৰীক্ষা এমাহ পিছুৱাই দিয়াৰ কথা জনালে অধ্যক্ষই। উল্লেখ্য যে, কৰ’নাৰ কাৰণে হোৱা লকডাউনৰ বাবে বিগত মাৰ্চ মাহৰ পৰাই ৰাজ্যৰ লগতে বন্ধ ৰখা হৈছিল দেশৰ সমূহ শিক্ষানুষ্ঠান।
Aprilot hobo lage porikkha aru 10 dinor mure mure ata koi porikkha hobo lage