Local, Vocal, Global

আজি মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ ৪২৪ সংখ্যক তিৰোভাৱ তিথি

আজি মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ ৪২৪ সংখ্যক তিৰোভাৱ তিথি। হৰি নামে মুখৰিত ৰাজ্যৰ সত্ৰ-নামঘৰ-কীৰ্ত্তনঘৰ। গুৰুজনাৰ জন্মস্থান নাৰায়ণপুৰৰ লেতুকী পুখৰীৰ পৰাই আৰম্ভ কৰি উজনি-নামনি সকলোতে বৈছে হৰিনামৰ ৰস।
মুলতঃ কৰ’নাৰ ভয়াৱহতা বাবে কিছু বাধা বাধ্যকতা আছে যদিও তথাপিও ৰাজ্যবাসীয়ে স্মৰণ কৰিছে নৱবৈষ্ণৱ ধৰ্মৰ প্ৰচাৰক শ্ৰী শ্ৰী মাধৱদেৱক।
১৪৫০ শকতে মহাপুৰুষজনাই এগছি বন্তি জ্বলাই প্ৰতিষ্ঠা কৰা ঐতিহ্যমণ্ডিত টীয়কৰ ঢেকীয়াখোৱা নামঘৰতো আধ্যাত্মিক পৰিৱেশে বিৰাজ কৰিছে।