Local, Vocal, Global

হেপাহৰ ভোগালী বিহু উদযাপনত বাধা হ’ব নেকি অমিক্ৰন?

নিউজ ডেস্ক,৬জানুৱাৰী: ১ জানুৱাৰীৰ পৰা ৰাজ্যত দ্ৰুতগতিত বৃদ্ধি পাইছে ক’ভিড আক্ৰান্তৰ সংখ্যা। ইতিমধ্যে ২ জন লোক অমিক্ৰনত আক্ৰান্ত ছৈছে।আক্ৰান্ত এজনক শ্বিলঙত পৰীক্ষা কৰা হৈছিল আৰু আনজন চৌদি আৰৱৰ পৰা অহা ব্যক্তি।বুধবাৰে ৰাজ্যৰ ক’ভিড পৰিস্থিতি আৰু ভেকচিনেশ্যন সন্দৰ্ভত ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান কাৰ্যালয়ত স্বাস্থ্যমন্ত্ৰী কেশব মহন্তই সংবাদমেল সম্বোধন কৰে। ক’ভিড সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ উপস্থিতিত আজিহে চুড়ান্ত সিদ্ধান্ত লʼব। মুখ্যমন্ত্ৰীৰ সৈতে হোৱা বৈঠকৰ পাছতহে আগন্তুক ভোগালী বিহু সন্দৰ্ভত সিদ্ধান্ত লʼব। ২৪ ঘন্টাত ৰাজ্যত ৫৯১ জন আক্ৰান্ত হৈছে কভিডত। সৰ্বাধিক কামৰূপ (ম)তে ১৮০ জন নতুনকৈ আক্ৰান্ত হৈছে। যোৱা দুদিনত ক্ৰমান্বয়ে মহানগৰীত ক’ভিড ৰোগী সংখ্যা বৃদ্ধি পাইছে। বৰ্তমানলৈকে ৰাজ্যত ৮৫৪৯ খন বিচনা সাজু কৰা হৈছে। গুৱাহাটীৰ জি এম চি এইচত  ২০০খন, সৰুসজাইত আছে ৩০০খন বিছনা।স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে লগতে কয়, ৰাজ্যত ফেব্ৰুৱাৰীৰ ভিতৰত সম্পূৰ্ণ কৰা হʼব ১৫-১৮ বছৰৰ ভেকচিন প্ৰক্ৰিয়া।  ইতিমধ্যে ১০লাখ টেষ্ট কিটছ অৰ্ডাৰ দিয়া হৈছে আৰু মজুত আছে ৫ লাখ কিটছ।