Local, Vocal, Global

মণিপুৰৰ বোমা বিষ্ফোৰণত অসম ৰাইফলছৰ জোৱান নিহত

নিউজ ডেস্ক, ৬ জানুৱাৰীঃ মণিপুৰৰ থৌবাল জিলাত সংঘটিত হৈছে দুটা ভয়ংকৰ বোমা বিষ্ফোৰণ । এই বোমা বিষ্ফোৰণত নিহত হৈছে অসম ৰাইফলছৰ এজন জোৱান।এই ঘটনা সংঘটিত হয় মণিপুৰৰ থৌবাল জিলাৰ লিলং উছোইপোকপি সংগোমচাঙত।দুটা শক্তিশালী আই ই ডি বিষ্ফোৰণ হোৱাৰ ফলত অসম ৰাইফলছৰ এজন সৈনিক নিহত হোৱাৰ উপৰিও আন এজন জোৱান আহত হয়।
              উল্লেখ্য যে মণিপুৰৰ নিৰ্বাচনৰ এক ৰেলীত কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহ যোগদান কৰাৰ কথা আছিল । ইয়াৰ পূৰ্বে এই বিষ্ফোৰণে প্ৰমাণ কৰে যে উত্তৰ-পূৰ্বাঞ্চল এতিয়াও অশান্ত হৈ আছে।