Local, Vocal, Global

স্টেডিয়ামক ছেটেলাইট হাস্পতাললৈ ৰূপান্তৰীত মমতা বেনাৰ্জীৰ

তৃতীয়বাৰৰ বাবে দায়িত্ব লৈয়ে কভিডৰ যুদ্ধত নামিল মমতা বেনাৰ্জী। কভিডে ভয়াৱহ ৰূপ ধাৰণ কৰাত ৰাজ্য চৰকাৰে ছল্টলেক স্টেডিয়ামক ছেটেলাইট হাস্পতাললৈ ৰূপান্তৰীত কৰিছে।যাতে চিকিৎসালয় সমূহত বিছনাৰ অভাৱ বা ৰোগী পূৰণ হোৱাৰ পিছতো বহু কভিড ৰোগীক চিকিৎসা দিব পৰা যায়,তাৰ কাৰণে ৰাজ্য চৰকাৰে এনে ব্যৱস্থা গ্ৰহণ কৰিছে।চিকিৎসালয়খন হব কভিড ছেটেলাইট চেন্টাৰ আৰু ছিটা প্ৰদান কেন্দ।এ এম আৰ আই হাস্পতালৰ সহযোগত ছল্টলেক স্টেডিয়ামত ৫০ খন বিছনাৰে সাজু কৰি তুলা হৈছে।ছল্টলেক স্টেডিয়ামৰ প্ৰকৃত চৰকাৰী নাম হৈছে বিবেকানন্দ যুৱ ভাৰতীয় ক্ৰীড়াংগণ।ছল্টলেকৰ চিকিৎসালয়খন এমৰি হাস্পতালৰ দ্বাৰা পৰিচালিত হব যদিও ইয়াত আই চি ইউ বা এইচ ডি ইউ স্থাপন কৰা হোৱা নাই।যি সকল ৰোগীৰ ক্ৰিটিকেল কেয়াৰৰ প্ৰয়োজন নাথাকে,তেওঁলোকক ছল্টলেকৰ চিকিৎসালয় চিকিৎসা দিয়া হব।