Local, Vocal, Global

শ্ৰীলংকাৰ দৰে অৱস্থা হ’ব নেকি পাকিস্তানৰ ?


দুৰ্ভিক্ষৰ কবলত পাকিস্তান।’কঙাল’ পাকিস্তানত এতিয়া আকালৰ স্থিতি।হাহাকাৰ পাকিস্তানত ।অৰ্থনৈতিক সংকটৰ তীব্ৰ প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে পাকিস্তান।ৰাজনৈতিক সংকটৰ পাছত এইবাৰ ভয়ংকৰ অৰ্থনৈতিক সংকটত পাকিস্তান। বিশ্বৰ অৰ্থনৈতিক মঞ্চই প্ৰকাশ কৰা এক প্ৰতিবেদন মতে পাকিস্তানৰ অৰ্থনৈতিক অৱস্থাৰ শোচনীয় ছবি প্ৰতিফলিত হৈছে।অভাৱনীয় ৰূপত হ্ৰাস পাইছে খাদ্য সামগ্ৰী .সংকটত ভুগিছে হাজাৰ হাজাৰ জনতা ।খাদ্য সামগ্ৰীৰ মূল্যবৃদ্ধিত হাহাকাৰ লাখ লাখ জনতাৰ।ব্যাহত হৈ পৰিছে বিদ্যুৎ যোগান ।বিদ্যুৎ ৰাহিৰ বাবে নিশা ৮ বজাৰ পৰা বিদ্যুৎ কৰ্তনৰ নিৰ্দেশ দিছে।প্ৰতিটো সামগ্ৰীৰ মূল্য আকাশলম্ভী হৈছে.বাণিজ্যিক গেছ চিলিণ্ডাৰৰ দাম ১০হাজাৰ পাকিস্তানী টকা।প্ৰতিটো সামগ্ৰীৰয়ে মূল্য হোৰাহোৰে হৈছে।প্ৰতিলিটাৰ মিঠাতেলৰ ৫০০ টকা পৰ্যন্ত বৃদ্ধি হৈছে।অৱশেষত হাত দাঙি দিছে পাকিস্তনী মন্ত্ৰী ইছাক দৰে ।তেওঁ মন্তব্য কৰে যে আল্লাহে শেষ ভৰষা।যদি আল্লাই পাকিস্তানাক জন্ম দিছে তেন্তে আল্লাই ইয়াৰ উন্নতি ,ৰক্ষনা-বেক্ষনা আল্লাই লব লাগিব।ইয়াৰ পূৰ্বেই পাকিস্তানৰ অৰ্থনৈতিক সংকটত পৰিছিল যদিও বিগত সময়ত পাৰ্বত্য অঞ্চলত হোৱা ভয়ংকৰ বানে ভেটি ভাঙি পেলাইছে দেশখনক।