Local, Vocal, Global

পাকিস্তানৰ বেলুচিস্তানত মৰ্মান্তিক ঘটনা !

পাকিস্তাৰ বেলুচিস্তানত সংঘটিত হৈছে ভয়ংকৰ পথ দুৰ্ঘটনা । বেলুচিস্তানৰ লাচবেলাত যাত্ৰীভৰ্তি এখন বাছ দ খাৱৈত পৰি ৩৯ জন যাত্ৰী নিহত হয় আন বহুলোক আহত হয়। পাকিস্তানী বিষয়াসকলৰ মতে, দেওবাৰে ৰাতিপুৱা দুৰ্ঘটনাটো সংঘটিত হৈছে। ঘটনাটো নিশ্চিত কৰি লাচবেলাৰ সহকাৰী আয়ুক্ত হামজা অঞ্জুমে কয় যে প্ৰায় ৪৮ জন যাত্ৰী কঢ়িয়াই অনা বাহনখন কোৱেটাৰ পৰা কৰাচীলৈ গৈ আছিল।তথ্য অনুসৰি, তীব্ৰ গতিৰ বাবে লাচবেলাৰ ওচৰত ইউ-টাৰ্ণ লোৱাৰ সময়ত বাহনখনে দলংখনৰ খুটাত খুন্দা মাৰে। ইয়াৰ পিছত গাড়ীখন দ খাৱৈত পৰে। বিষয়াসকলৰ মতে, বাহনখন খাৱৈত পৰি যোৱাৰ পিছত জুই লাগে।
তথ্য অনুসৰি এটা শিশু আৰু এগৰাকী মহিলাসহ তিনিজন লোকক জীৱিত অৱস্থাত উদ্ধাৰ কৰা হৈছে।আৰু এইটোও আশংকা কৰা হৈছে যে হতাহতৰ সংখ্যা বৃদ্ধি পাব। ইফালে, এধি ফাউণ্ডেশ্যনৰ চাদ এধিয়ে কয় যে দুৰ্ঘটনাস্থলীৰ পৰা এতিয়ালৈকে ১৭ টা মৃতদেহ উদ্ধাৰ কৰা হৈছে আৰু তেওঁলোকক চিকিৎসালয়লৈ লৈ যোৱা হৈছে।