লুচাই পাহাৰত কৰ’নাৰ সংক্ৰমণ, নতুনকৈ ৫ জন পজিটিভ
লুচাই পাহাৰ অৰ্থাৎ পাৰ্বত্য ৰাজ্য মিজোৰামত অব্যাহত ৰৈছে মাৰাত্মক কৰ’না ভাইৰাছৰ সংক্ৰমণ। ৰাজ্যখনত নতুনকৈ ৫ জন লোক চিনাক্ত হৈছে ক’ভিড-১৯ পজিটিভ ৰূপে। শেহতীয়াকৈ মিজোৰামত ৩৪০ গৰাকী লোকৰ নমুুনা পৰীক্ষা কৰা হৈছিল। তাৰে ৫ গৰাকী চিনাক্ত হৈছে প’জিটিভ ৰূপে। এই ৫ গৰাকীৰ ভিতৰত এগৰাকী চৰকাৰী কোৱাৰেইণ্টাইন চেণ্টাৰতেই আছিল। আন ৪ গৰাকীও সন্দেহবশত হাস্পতালত চিকিৎসাধীন হৈ থকা লোক।