বাৰিষাৰ প্ৰথমটো বানত বিপৰ্যস্ত উজনি-নামনি
ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে চুবুৰীয়া পাৰ্বত্য ৰাজ্য আৰু প্ৰতিবেশী পাৰ্বত্য ৰাষ্ট্ৰ ভূটানত অব্যাহত নেৰানেপেৰা বৃষ্টিপাত৷ অসমৰ নৈ-উপনৈবোৰ ওফন্দি উঠিছে ফেনে ফোটোকাৰে ৷ বাঢ়নী পানীৰ ঢলে একাকাৰ কৰিছে পথ-পথাৰ-নৈ-চোতাল৷ তাৰমাজতে এই বাৰিষাৰ প্ৰথমটো বানত প্ৰথমটো মৃত্যুৰ বাতৰি আহিছে বোকাখাট জিলাৰ ১ নং ভোলাগুৰিৰ পৰা৷ ধনশিৰি নৈৰ বাঢ়নী পানীৰ সোঁতত উটি আহিল এটা মৃতদেহ৷ মৃতদেহটো গোলাঘাট তপন নগৰৰ ডিপু চাহু বুলি চিনাক্ত কৰা হৈছে৷ যোৱা ২৩ জুনৰ পৰা নিৰুদ্দেশ হৈ থকা ডিপুৰ মটৰ চাইকেলখন উদ্ধাৰ হৈছিল গোলাঘাটৰ এৰেঙ্গাপাৰ দহংগিৰি দলঙৰ ওপৰত৷ আৰক্ষীয়ে মৃতদেহ উদ্ধাৰ কৰি প্ৰাথমিক তদন্তত হত্যাকাণ্ডৰ সন্দেহ কৰিছে৷
উজনিৰ তিনিচুকীয়া জিলাৰ বিভিন্ন প্ৰান্তত অব্যাহত আছে বানৰ জটিলতা৷ প্ৰতিৱেশী অৰুণাচলৰ পাহাৰত বৰষুণ৷ ওফন্দি উঠিছে নামনিৰ নদ-নদী৷ চাহ নগৰী ডুমডুমাত অতিকৈ জটিল হৈ পৰিছে পৰিস্থিতি, ফেনে ফোটোকাৰে ওফন্দি উঠিছে ডুমডুমা নৈৰ জলপৃষ্ঠ৷ চাহ নগৰীৰ বিস্তীর্ণ অঞ্চল এতিয়া বাঢ়নী পানীৰ কৱলত৷ চহৰৰ মাজমজিয়াৰ ৰূপবন, শংকৰদেৱ নগৰ, মানখোৱা,ৰূপাই, তালাপ আদি অঞ্চলবোৰত কৃত্ৰিম বানে জুৰুলা কৰিছে ৰাইজক৷ SDRF বাহিনীয়ে অব্যাহত ৰাখিছে উদ্ধাৰ অভিযান৷ উদ্ধাৰ অভিযানৰ লগতে বন্যাৰ্তৰ সাহায্যৰ বাবে নামি পৰিছে আদিবাসী ছাত্ৰ সন্থা, মৰাণ ছাত্ৰ সন্থা আদি দল-সংগঠন৷
ব্ৰহ্মপুত্ৰ আৰু গেলাবিল নৈৰ পানীৰ সোঁতে হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি কৰিছে নুমলীগড়ত৷ শনিবাৰে পুৱাতে বাঢ়নী পানীৰ ঢলে বোকাখাত সমষ্টিৰ বৰতল-নিকৰি সংযোগী গড়কাপ্তানী পথটোৰ এচোৱাৰ লগতে এটা পকি কালভার্ট উটুৱাই নিয়ে৷ প্ৰায় ৩০খন গাঁৱক সামৰি গঠিত ৫টা পঞ্চায়তৰ ৪০ হেজাৰ লোক এতিয়া যোগাযোগ বিচ্ছিন্ন৷
কালদিয়াৰ কালৰূপ বৰপেটা জিলাৰ বজালী মহকুমাত৷ বাঢ়নী পানীৰ সোঁত বাগৰিছে চোতালে চোতালে৷ বৰগাণ্ডৰি অঞ্চলত কালদিয়া নৈৰ ঢলে চিঙিলে মথাউৰি৷ তাৰপিছত গাঁৱে গাঁৱে এতিয়া হাহাকাৰ অৱস্থা৷ বদনকুছী, পানবাৰী, ৰতনপুৰ আদি প্ৰায় একুৰি গাঁও সম্পূর্ণৰূপে জলমগ্ন৷ বৰষুণৰ লগতে ভূটানে কুৰিশ্বু নৈৰ বান্ধৰ এখন গেট খুলি দিয়াৰ আশংকা ৰাইজৰ৷
বঙাইগাঁও জিলাতো জটিল ৰূপ লৈছে এই বাৰিষাৰ প্ৰথমটো বানে৷ জিলাখনৰ অভয়াপুৰীত কুজীয়া নৈৰ বাঢ়নী পানীয়ে জলমগ্ন কৰিছে ইখনৰ পিছত সিখন গাঁও৷ তুলুঙীয়া, চৌটাকি দেওহাটি, শিঙিমাৰী আদি ৩০ খন গাঁও এতিয়া বানৰ কৱলত, ইফালে কৃত্ৰিম বান বঙাইগাঁও চহৰত৷ বঙাইগাঁও- শালবাৰী গড়কাপ্তানী পথ পানীত বুৰ যোৱাৰ লগতে চহৰখনৰ ২১ নম্বৰ ৱাৰ্ডত ঘৰে ঘৰে পানী৷ SDRF য়ে শনিবাৰে আৰম্ভ কৰিছে উদ্ধাৰ অভিযান৷ চিপনচিলাত কুজিয়া নৈৰ ওপৰৰ এখন বাঁহৰ সাকোঁ উতুৱাই নিয়ে বাঢ়নী পানীয়ে৷