Local, Vocal, Global

নুমলীগড়ত কৰ’নাৰ গণ সংক্ৰমণৰ আশংকা

নুমলীগড়ত  কৰ’নাৰ গণ সংক্ৰমণৰ আশংকা । বন্ধ কৰি দিলে মৰঙি ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰ আৰু মৰঙী ৰাজহ চক্ৰ বিষয়াৰ কাৰ্য্যালয়। চিকিৎসালয়খন আৰু ৰাজহ চক্ৰ কাৰ্য্যালয়টোৰ সকলো কৰ্মচাৰী, চিকিৎসাকৰ্মীক কোৱাৰেণ্টিন কৰাৰ লগতে সকলোৰে SWAB সংগ্ৰহ কৰিছে গোলাঘাট স্বাস্থ্য বিভাগে । SWAB টেষ্টৰ ফলাফল নহা পৰ্যন্ত বন্ধ থাকিব মৰঙি ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰ আৰু চক্ৰ বিষয়াৰ কাৰ্য্যালয় । মৰঙী অঞ্চলৰ সুমন দাস নামৰ এজন কৰ’নাৰ আক্ৰান্তৰ যুৱকৰ পৰা গণ সংক্ৰমণৰ আশংকাতে এনেদৰে বন্ধ কৰি দিয়া হৈছে চিকিৎসালয় খন আৰু কাৰ্য্যালয়টো ।