প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীৰ বাংলাদেশ ভ্ৰমণৰ পূৰ্বেই ঢাকাত প্ৰতিবাদৰ জুই

শুক্ৰবাৰে বাংলাদেশৰ ৰাজধানী ঢাকাত প্ৰায় পাচ শতাধিক প্ৰতিবাদকাৰীৰ উত্তাল প্ৰতিবাদ ৷ অহা ২৬ মাৰ্চত ভাৰতৰ মুখ্যমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ বাংলাদেশ ভ্ৰমণ কাৰ্যসূচীৰ পূৰ্বেই ঢাকাত দেখিবলৈ পোৱা গৈছে প্ৰতিবাদৰ জুই ৷ আনহাতে ঢাকা বিশ্ববিদ্যালয়ৰ প্ৰায় দুশজনো অধিক ছাত্ৰই নৰেন্দ্ৰ মোডীৰ আগমনৰ বিৰোধীতা কৰা পৰিলক্ষিৎ হৈছে ৷ বাংলাদেশৰ ৫০ বছৰীয়া স্বাধীনতা, ভাৰত-বাংলাদেশৰ দ্বি-পাক্ষীক কুত্নৈতিক সম্পৰ্ক আৰু মুজিব বোৰ্চো উৎযাপনৰ উদ্দেশ্যে ২৬ মাৰ্চত বাংলাদেশত উপস্থিত হ’ব ভাৰতৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডী৷