Local, Vocal, Global

মন্দিৰৰ ভিতৰত পানী খোৱাৰ বাবেই মুছলিম ধৰ্মাৱলম্বী কিশোৰক প্ৰহাৰ

গাজিয়াবাদত মুছলিম ধৰ্মাৱলম্বী কিশোৰ এগৰাকীক উত্তৰ প্ৰদেশৰ এটা মন্দিৰৰ ভিতৰত পানী খোৱাৰ অভিযোগত গুৰুতৰভাৱে আক্ৰমণ কৰাৰ অভিযোগ উত্থাপিত হৈছে। শুক্ৰবাৰে কিশোৰগৰাকীক শাৰীৰিকভাৱে নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপিত কৰিছে অনলাইন crowdfunding আগবঢ়োৱা মঞ্চ KITTO য়ে।  KITTO য়ে কিশোৰ গৰাকীক প্ৰহাৰ কৰা VIDEO বনাই চোছিয়েল মিডিয়াত আপলোড কৰাৰ পিছতেই ভিডিঅ’টো ভাইৰেল হৈ পৰিছিল আৰু ইয়াৰ পিছতেই কিশোৰজনলৈ ভিন্ন লোকে আগবঢ়াইছে বৰঙণি। দুদিনৰ ভিতৰত ৬৪৮ জন  লোকে মিলি আগবঢ়োৱা দহ লক্ষ্যাধিক টকাৰ বৰঙণি। ইতিমধ্যে আক্ৰমণকাৰীটোক গাজীয়াবাদ আৰক্ষীয়ে আটক কৰা বুলি জানিব পৰা গৈছে।