Local, Vocal, Global

পাঠশালাত অখিল গগৈসহ কাৰাবন্দী নেতাৰ মুক্তিৰ দাবীত প্ৰতিবাদ

কা আন্দোলনৰ কৰাৰুদ্ধ কৃষক নেতা অখিল গগৈৰ মুক্তিৰ দাবীত পাঠশালাত প্ৰতিবাদ । অখিল গগৈসহ ধৈৰ্য্য কোঁৱৰ ,বিতু সোণোৱাল আৰু মানস কোঁৱৰৰ উন্নত চিকিৎসা আৰু মুক্তিৰ দাবীত আজি পাঠশালাত চি পি আই (এম) দলে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ৷ পাঠশালা কলেজ ৰোডত চি পি আই এম দলৰ কাৰ্য্যলয়ৰ সন্মুখত বিভিন্ন বেনাৰ পোষ্টাৰ প্ৰদৰ্শন কৰি প্ৰতিবাদ সাব্যস্ত কৰে ৷ অখিল গগৈ মুক্তি দিয়ক, কৰাবন্দী সকলৰ দ্ৰুত স্বাস্থ্য পৰীক্ষা আৰু চিকিৎসাৰ ব্যৱস্থা কৰা,গনতন্ত্ৰ ৰক্ষা কৰক আদি ধ্বনিৰে পৰিবেশ উত্তাল কৰি তোলে৷প্ৰতিবাদী কাৰ্য্যসুচীত চি পি অই এম বজালী ধৰনী শৰ্মা ,বসন্ত তালুকদাৰ, গনেশ শৰ্মা,গদাধৰ চৌধুৰী আদিকে ধৰি কেবাজনো প্ৰতিবাদ কাৰীয়ে চৰকাৰৰ ফেচিবাদী নীতিক ক্ষুৰধাৰ সমোলচনা কৰি অতি শীঘ্ৰ অখিল গগৈ সহ কা বিৰধী আন্দলনৰ সময়ত আটক আটাইকেইজ মুক্তি দিবলৈ দাবী উত্থাপন কৰে ৷