Local, Vocal, Global

কেঁচা চাহপাত ৰাজপথত পেলাই প্ৰতিবাদ সাব্যস্ত ক্ষুদ্ৰ চাহ খেতিয়কৰ

টীয়কৰ চটাই ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত শ-শ কুইন্টল কেঁচা চাহপাত পেলাই এক ব্যতিক্ৰমী প্ৰতিবাদ সাব্যস্ত কৰিছে অঞ্চলটোৰ ক্ষুদ্ৰ চাহ খেতিয়কসকলে। দীৰ্ঘদিন ধৰি যোৰহাট জিলাৰ কেইবাটাও চাহ ফেক্টৰীয়ে গেছ নাই বুলি অভিযোগ তুলি ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ পৰা কেঁচাপাত অনিয়মীয়াকৈ লোৱাৰ বাবে বিস্তৰ ক্ষতি সাধন হৈছে খেতিয়কসকলৰ। লক ডাউনৰ ফলত ইতিমধ্যে চাহ উদ্যোগৰ বহু ক্ষতি হোৱাৰ পাছত এতিয়া ফেক্টৰীৰ গেছ নথকা কাৰণত পাত নোলোৱাত হাহাকাৰৰ সৃষ্টি হৈছে আৰু অৰ্থনৈতিক বিপদজয়ে দেখা দিছে ক্ষুদ্ৰ চাহ খেতিয়কৰ মাজত ।

এই বিষয়ে উত্তৰ-পূব চাহ সন্থা চমুকৈ নেটাৰ উপাধ্যক্ষগৰাকীক সোধাত কয় যে, ”বিগত তিনিটা দিনত গেছ যোগান বন্ধ হৈ থকাৰ বাবে এই সমস্যাৰ উদ্ভৱ হৈছে। লগতে অনতি পলমে গেছ যোগান ব্যৱস্থা নিয়মীয়া কৰিবলৈ চৰকাৰ তথা গেছ কোম্পানীক আহ্বান জনাইছে। ”উল্লেখযোগ্য যে ইতিপূৰ্বে ফেক্টৰী স্বত্বাধিকাৰসকলে অসম গেছ কোম্পানীৰ সৈতে এই বিষয়ত যোগাযোগ কৰাত বাঘজানৰ ঘটনাৰ আলম লৈ গেছ যোগানত ব্যাহত জন্মিছে বুলি স্বত্বাধিকাৰীসকলক জানিবলৈ দিছে । যোৰহাট আৰু গোলাঘাট জিলাৰ গৰিষ্ঠ সংখ্যক ফেক্টৰীয়ে এই গেছৰ সমস্যাৰ বাবে বন্ধ হৈ আছে বুলি জানিব পৰা গৈছে যাৰ ফলত বৃহৎ লোকচানৰ সন্মুখীন হ’বলৈ গৈ আছে অসমৰ চহকী চাহ উদ্যোগটো।