Local, Vocal, Global

টাওকাক গাঁও পঞ্চায়তৰ ফুকন আলিৰ জৰাজীৰ্ণ অৱস্থাই জীয়াতু ভোগাইছে জনসাধাৰণক ৷

অসম – নগালেণ্ডৰ সীমান্তৱৰ্তী টাওকাক গাঁও পঞ্চায়তৰ ফুকন আলিৰ জৰাজীৰ্ণ অৱস্থাই জীয়াতু ভোগাইছে জনসাধাৰণক ৷
চৰাইদেউ জিলাৰ সোণাৰি বিধান সভা সমষ্টিৰ অন্তৰ্গত অসম – নগালেণ্ডৰ সীমান্তৱৰ্তী টাওকাক গাঁও পঞ্চায়তৰ এটা গুৰুত্বপূৰ্ণ পথ দীৰ্ঘদিন ধৰি জৰাজীৰ্ণ হৈ অহাৰ পাছত অতি সম্প্ৰতি পথটো যাতায়তৰ বাবে সম্পূৰ্ণৰূপে অনুপযোগী হৈ পৰাত স্থানীয় জনতা অবৰ্ণনীয় হাৰাশাস্তিৰ সন্মুখীন হবলগীয়া হৈছে। টাওকাক গাঁও পঞ্চায়তৰ অন্তৰ্গত ৫ নং ৱাৰ্ডৰ নামতোলা বজাৰৰ পৰা গাহৰি কটা হৈ লেছাই হাবিলৈ যোৱা জৰাজীৰ্ণ ফুকন আলিয়ে স্থানীয় জনসাধাৰণক বাৰুকৈয়ে জীয়াতু ভোগাইছে।এজাক বৰষুণতে একাঠু বোকাপানীৰে পথটো ভৰি পৰে । বছৰ বছৰ ধৰি জৰাজীৰ্ণ আৰু বিপদসংকুল হৈ পৰা এই পথছোৱা নিৰ্মাণ অথবা মেৰামতি কৰিবৰ বাবে প্ৰতিবাৰে পঞ্চায়তখনৰ গাঁও সভাত এই অঞ্চলৰ ৰাইজে আবেদন-নিবেদন কৰি আহিছে যদিও প্ৰতি বছৰে পথটো উপেক্ষিত হৈ ৰয়। কি ৰহস্যজনক কাৰণত এই পথটো মেৰামতি কিম্বা নিৰ্মাণৰ বিষয়টো উপেক্ষিত হৈ ৰয় সেয়া স্থানীয় ৰাইজৰ বাবে এক দুৰ্বোধ্য সাঁথৰ হৈ পৰিছে। জানিব পৰা মতে গাঁও পঞ্চায়ত উন্নয়ন আঁচনিৰ বাৰ্ষিক ক্ৰিয়া পৰিকল্পনাৰ অধীনত চতুৰ্দশ বিত্তীয় আয়োগ ২০১৮-১৯ ত সংশ্লিষ্ট পথটো মেৰামতি কৰিবৰ বাবে অৰ্থাৎ পথটোত শিল বালি দিবৰ বাবে অনুমতি প্ৰদান কৰা এটা বছৰ পাৰ হৈ গল যদিও পথছোৱা পুৰ্বৰ দৰে অৱহেলিত হৈয়ে ৰল ।সেয়ে এই ক্ষেত্ৰত সোণাৰি খণ্ড উন্নয়ন বিষয়াক উক্ত পথছোৱাৰ বাবে আৱণ্টিত ধন ৰাশি নিৰ্মান কাৰ্য কিয় ব্যৱহাৰ কৰা হোৱা নাই ইয়াৰ উচিত তদন্ত কৰিবৰ বাবে অঞ্চলটোৰ একাংশ সচেতন জনতাই দাবী জনাইছে।