Local, Vocal, Global

গোলাঘাটত তৎপৰ জিলা স্বাস্থ্য বিভাগ

নুমলীগড় ৰ NRLৰ মাৰ্কেটিং টাৰ্মিনেলত স্বাস্থ্য বিভাগৰ দলৰ ৰেনডম টেষ্ট । গণ সংক্ৰমণৰ আশংকা।

ৰাজ্যত ভয়াৱহভাৱে বৃদ্ধি পাইছে কৰ’না আক্ৰান্তৰ সংখ্যা । গোলাঘাট তথা নুমলীগড়তো আক্ৰান্ত হৈছে বহুজন। তাৰে পৰিপ্ৰেক্ষিত এতিয়া বোকাখাটৰ কাৰ্যবাহী দণ্ডাধীশ নীতিশা বৰাৰ নেতৃত্বত গোলাঘাট জিলা স্বাস্থ্য বিভাগ তথা বোকাখাট মহকুমা স্বাস্থ্য বিভাগে স্পৰ্শকাতৰ অঞ্চল সমূহত চলাইছে ৰেনডম টেষ্ট । NRLৰ কাষৰীয়া বিভিন্ন অঞ্চলৰ কেইবাজনো লোক ক’ভিড-১৯ত আক্ৰান্ত হোৱাৰ বাবেই NRL টাৰ্মিনেললৈ অহা টেংকাৰৰ চালক, হেণ্ডিমেন আৰু বাহিৰৰ পৰা আহি কৰ্মৰত হৈ থকা কৰ্মচাৰীসকলৰ  SWAB টেষ্ট কৰে। ৰাজ্যৰ স্বাস্থ্য বিভাগৰ সমান্তৰালভাৱে গোলাঘাট জিলা স্বাস্থ্য বিভাগো এতিয়া তৎপৰ হৈ পৰিছে কৰ’নাৰ গণ সংক্ৰমণ ৰোধৰ বাবে।