Local, Vocal, Global

কংগ্ৰেছ-কমিউনিষ্টৰ বুজাবুজি, ৰাহুলে সেনাৰ মনোবলত আঘাত হানিছে:নাদ্দা

চীন-ভাৰত সীমান্তৰ শেহতীয়া পৰিস্থিতিক কেন্দ্ৰ কৰি কংগ্ৰেছে কমিউনিষ্ট পাৰ্টীৰ সৈতে স্বাক্ষৰ কৰিছে বুজাবুজিৰ চুক্তিত। চীন ভাৰত সীমা বিবাদক লৈ দেশৰ ৰাজনীতি তপত হৈ উঠাৰ সময়তে এই বিস্ফোৰণ বিজেপিৰ কেন্দ্রীয় সভাপতি জগত প্ৰসাদ নাদ্দাৰ। দেখা গৈছে যে লাডাখ সীমান্তৰ শেহতীয়া পৰিস্থিতিক কেন্দ্ৰ কৰি কংগ্ৰেছ বিজেপিৰ মাজত আৰম্ভ হৈছে বোকা চতিওৱাৰ ৰাজনীতি। প্ৰধানমন্ত্ৰী মোডীৰ বিৰূদ্ধে কংগ্ৰেছৰ অভিযোগ, মোডীয়ে চীনৰ আগত হাত দাঙিছে। ইয়াৰ পিছতেই আক্ৰমনাত্মক হৈ পৰিছে শাসক ভাৰতীয় জনতা পাৰ্টীও। দলটোৰ ৰাষ্ট্ৰীয় সভাপতি নাদ্দাই কৈছে আচলতে লাডাখ অধ্যায়ৰ লগে লগে উন্মোচিত হৈছে কংগ্ৰেছৰ চীন কানেকশ্বন। এক টুইট যোগে নাদ্দাৰ অভিযোগ, কংগ্ৰেছে এক বুজাবুজিৰ চুক্তি কৰি ভাৰতৰ মাটি চীনক গতাই দিছিল। যেতিয়া ডোকলামত সংঘৰ্ষ হল, লগে লগেই ৰাহুল গান্ধী চীনা দূতাবাস পাইছিলগৈ। কিন্তু এতিয়া লাডাখৰ ঘটনাৰ পিছত নিজ দেশক সমালোচনা কৰাত লাগিছে। নাদ্দাৰ অভিযোগ সেই বুজাবুজিৰ চুক্তিৰ পৰিণতিতেই ৰাহুলে কিছুমান অদৰকাৰী কথা কৈ ভাৰতীয় সেনাৰ মনোবলত আঘাট দিবলৈ উঠিপৰি লাগিছে। নাদ্দাই তেওঁৰ এই অভিযোগৰ সমৰ্থনত কয়,২০০৮ চনত বেইজিং অলিম্পিকৰ সময়ত ছোনিয়া গান্ধী আছিল কংগ্ৰেছ অধ্যক্ষ। আৰু ৰাহুল গান্ধী গৈছিল অলিম্পিক চাবলৈ। তেতিয়াই বৰ্তমানৰ চীনা ৰাষ্ট্ৰপতি জিংপিঙৰ উদ্যোগতে স্বাক্ষৰ হৈছিল সেই বুজাবুজিৰ চুক্তি- অভিযোগ জে পি নাদ্দাৰ।