Local, Vocal, Global

ক’ভিড সংক্ৰমণ, ৰাজ্যত বিদ্যালয়-মহাবিদ্যালয় চলি থকা সম্পৰ্কত কি ক’লে মুখ্য মন্ত্ৰীয়ে?

ৰাজ্যত স্কুল-কলেজো খোলা থাকিব বুলি মুখ্য মন্ত্ৰীয়ে সংবাদমেলত স্পষ্ট কৰি দি য’ত ক’ভিড সংক্ৰমণ বেছি হয় সেই স্থানত কণ্টেইনমেণ্ট জ’ন কৰি দিয়া হ’ব বুলি সদৰী কৰে।

“অ’মিক্ৰণৰ সংক্ৰমণৰ ফলত মৃত্যুৰ সংখ্যা কম আৰু লোক হস্পিটেলতো ভৰ্তি হ’বলগীয়া হোৱা নাই আৰু ৰাজ্যত সংক্ৰমণো কিছু হ্ৰাস পাইছে,” হিমন্ত বিশ্ব শৰ্মাই লগতে কয়।

ইপিনে, অ’মিক্ৰণৰ দ্বাৰা সংক্ৰমিত হ’লে ৭ দিন কোৱাৰেণ্টাইনত থাকিলেই হ’ল বুলিও মুখ্য মন্ত্ৰী শৰ্মাই উল্লেখ কৰে।

“আমি মানুহক কষ্ট দিব বিচৰা নাই বেছি নীতি নিয়ম দি বেলেগ ভেৰিয়েণ্ট আহিলে বেলেগ কথা,” হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য।