Local, Vocal, Global

‘ অসমৰ ভয়াৱহ ভৱিষ্যতৰ আগজাননী কমল বৰাৰ এনকাউণ্টাৰ ঘটনা’ – লুৰিণজ্যোতি গগৈ

গুৱাহাটী,২৩ জানুৱাৰী:“কীৰ্তি কমল বৰা এনকাউণ্টাৰ ঘটনা অসমৰ ভয়াৱহ ভৱিষ্যতৰ আগজাননী। আইনবৰ্হিভূত ভাৱে অসমত চলি থকা এনকাউণ্টাৰ ঘটনাই সাংবিধানিক বিধি ব্যৱস্থালৈ সংকট নমাই আনিছে।অসমৰ মুক্ত হত্যা পৰিৱেশৰ এইয়া উকমুকনি”- নগাঁৱৰ ঘটনাক গৰিহণা জনাই এই মন্তৱ্য অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈৰ।ৰোগীয়া মাতৃৰ ঔষধ ক্ৰয় কৰিবলৈ গৈ নগাঁও আৰক্ষী হাতত গুলিবিদ্ধ হোৱা প্ৰাক্তন ছাত্ৰ নেতা কীৰ্তি কমল বৰাৰ ঘটনাটো আৰক্ষীয়ে পৰিকল্পিত ভাৱে সংঘটিত কৰিছে।

আইন হাতত তুলিলৈ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আইনৰ শাসন অৱসান ঘটাই এটা জংঘলৰাজ সৃষ্টিৰ উপক্ৰম ঘটোৱা বুলি সভাপতি গৰাকীয়ে লগতে কয়।

নগাঁও মহাবিদ্যালয় প্ৰাক্তন সাধাৰণ সম্পাদক তথা আছুৰ প্ৰাক্তন নেতা গৰাকীৰ গুলিবিদ্ধহোৱাৰ ঘটনাই সমগ্ৰ ৰাজ্যত ব্যাপক প্ৰতিক্ৰিয়া সৃষ্টি কৰিছে।এনেধৰণৰ ঘটনা বন্ধ হব লাগিব।কেতিয়াও কোনো কাৰণত এই ধৰণৰ ঘটনা গ্ৰহণ নকৰোঁ বুলি উল্লেখ কৰি লুৰীনে কয়- বিভিন্ন ছাত্ৰ সংগঠন বা প্ৰতিবাদী সত্বা, ডেকা শক্তি লৰা-ছোৱালীৰ ওপৰত আক্ৰমণ আৰম্ভ কৰিছে।