Local, Vocal, Global

নাইট কাৰ্ফিউ সম্পৰ্কত কি ক’লে মুখ্য মন্ত্ৰীয়ে?

মুখ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজি সংবাদমেল সম্বোধন কৰি ৰাজ্যৰ ক’ভিড পৰিস্থিতি সম্পৰ্কতো সাংবাদিকৰ প্ৰশ্নৰ উত্তৰ দিয়ে। মুখ্য মন্ত্ৰী শৰ্মাই ৰাজ্যত ক’ভিড সংক্ৰমণ কিছু পৰিমাণে কমিছে বুলি উল্লেখ কৰি ১ ফেব্ৰুৱাৰীৰ পৰা নাইট কাৰ্ফিউৰ সময় পুনৰ ১১ বজালৈ লৈ যোৱা হ’ব বুলি কয়। “অ’মিক্ৰণৰ সংক্ৰমণৰ ফলত মৃত্যুৰ সংখ্যা কম আৰু লোক হস্পিটেলতো ভৰ্তি হ’বলগীয়া হোৱা নাই আৰু ৰাজ্যত সংক্ৰমণো কিছু হ্ৰাস পাইছে,” হিমন্ত বিশ্ব শৰ্মাই লগতে কয়।ইপিনে, অ’মিক্ৰণৰ দ্বাৰা সংক্ৰমিত হ’লে ৭ দিন কোৱাৰেণ্টাইনত থাকিলেই হ’ল বুলিও মুখ্য মন্ত্ৰী শৰ্মাই উল্লেখ কৰে। “আমি মানুহক কষ্ট দিব বিচৰা নাই বেছি নীতি নিয়ম দি বেলেগ ভেৰিয়েণ্ট আহিলে বেলেগ কথা,” হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য।