Local, Vocal, Global

আজি কংগ্ৰেছৰ নতুন ৰাষ্ট্ৰীয় সভাপতি মল্লিকাৰ্জুন খাৰ্গেৰ অগ্নি পৰীক্ষা

ভাৰত জোড়ো যাত্ৰাত ব্যস্ত কংগ্ৰেছ দল৷ কংগ্ৰেছ দলৰ নতুন সভাপতি মল্লিকাৰ্জুন খাৰ্গেয়ে দায়িত্ব গ্ৰহণ কৰাৰ পাছতে গুজৰাট আৰু হিমাচল প্ৰদেশৰ প্ৰথমটো নিৰ্বাচনৰ মুখামুখি হৈছে৷ এই নিৰ্বাচনৰ ফলাফল যথেষ্ট প্ৰভাৱ পেলাব কংগ্ৰেছ দল তথা নতুন সভাপতি মল্লিকাৰ্জুন খাৰ্গেৰ ওপৰত৷ মল্লিকাৰ্জন খাৰ্গেয়ে দলটোক পৰিচালনাত সফল হ’ব নে সেই কথা কিছু হলেও আজিৰ ফলাফলে প্ৰভাৱ পেলাব৷

কিয়নো দুটাকৈ লোকসভা নিৰ্বাচনত কংগ্ৰেছ পৰাস্ত হৈছে৷ আনহাতে কেইবাখনো ৰাজ্যৰ বিধানসভাৰ নিৰ্বাচনত কংগ্ৰেছে ভাল ফলাফল আশাজনক নহয়৷ কেইবাটাও ক্ৰমাগত নিৰ্বাচনী পৰাজয়ৰ সন্মুখীন হোৱাৰ পিছত দেশত নিজৰ সমৰ্থনৰ আধাৰ পুনৰ প্ৰাপ্ত কৰাৰ বাবে ভাৰত জোড়ো যাত্ৰাত থকা কংগ্ৰেছৰ বাবে এই নিৰ্বাচন গুৰুত্বপূৰ্ণ৷ কিয়নো ফলাফলে সিদ্ধান্ত ল’ব যে এই দলটোৰ ভৱিষ্যত কি হ’ব পাৰে। যদি দেশৰ আটাইতকৈ পুৰণি দলটো হিমাচল প্ৰদেশত জয়ী হয় আৰু গুজৰাটত আম আদমী পাৰ্টিৰ উপস্থিতি স্বত্বেও মুখ্য বিৰোধী দল হৈ থাকে তেন্তে ই এক অতি আনন্দদায়ক পৰিস্থিতি হ’ব কংগ্ৰেছৰ বাবে।