অমৰাৱতীত হিংসাৰ বাবে জ্যেষ্ঠ বিজেপি নেতা অনিল বণ্ডেক গ্ৰেপ্তাৰ By MyNewsNE Desk On Nov 15, 2021 Last updated Nov 15, 2021 Share Related Posts Assam | Lumding news: সংৰক্ষিত বনাঞ্চলৰ পুখুৰীত বন্ধুৰ লগত… Aug 31, 2025 Assam | Raowta news: ঘোষণা কৰা হ’ল BPF ৰ দ্বিতীয়খন… Aug 31, 2025 Watch | Rangia news: ৰঙিয়াৰ মৰাণজানাত বিষপান কৰি মৃত্যুবৰণ… Aug 31, 2025 ১৫ নৱেম্বৰ: অমৰাৱতীত সংঘটিত হিংসাত্মক ঘটনাৰ সন্দৰ্ভত বিজেপিৰ কেইবাজনো কৰ্মকৰ্তাৰ সৈতে মহাৰাষ্ট্ৰৰ প্ৰাক্তন মন্ত্রী তথা জ্যেষ্ঠ বিজেপি নেতা অনিল বণ্ডেক ১৫ নৱেম্বৰ সোমবাৰে গ্ৰেপ্তাৰ কৰা হয়। আৰক্ষীয়ে অমৰাৱতীৰ পৰা সন্ধানহীন হৈ থকা আন এজন বিজেপি নেতা প্ৰবীন পোটেকো বিচাৰি আছে। হিংসাৰ সন্দৰ্ভত অমৰাৱতীৰ চাৰিখন আৰক্ষী থানাত ২৬ খন এজাহাৰ পঞ্জীয়ন কৰাৰ পিছত এতিয়ালৈকে ৭২ জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে। উল্লেখ্য যে অমৰাৱতীত হিন্দু আৰু মুছলমান সম্প্ৰদায়ৰ সদস্যসকল ইজনে সিজনৰ সৈতে সংঘর্ষত লিপ্ত হৈছিল আৰু শুক্রবাৰে সংঘটিত হোৱা এই হিংসাত্মক ঘটনা শনিবাৰলৈকে অব্যাহত থাকে, যাৰ ফলত ধৰ্মীয় গাঁথনিকে ধৰি কেইবাটাও অট্টালিকা ভাঙি চূৰমাৰ কৰা হয় আৰু বাহন জ্বলাই দিয়া হয়। শুকুৰবাৰে চহৰখনৰ মুছলমানসকলে ত্ৰিপুৰাক জোকাৰি যোৱা সংখ্যালঘু বিৰোধী হিংসাৰ বিৰুদ্ধে এক প্ৰতিবাদী সমদল উলিয়াইছিল। এই সমদলটো হিংসাত্মক হৈ পৰিছিল। স্থানীয় বিজেপি নেতাসকলে শনিবাৰে বন্ধৰ আহ্বান জনায় যাৰ ফলত আইন-শৃংখলা পৰিস্থিতি অধিক অৱনতি ঘটে। শেহতীয়া পৰিস্থিতি সন্দৰ্ভত বক্তব্য ৰাখি এজন জ্যেষ্ঠ নেতা আৰক্ষী বিষয়াই কয় যে বিজেপি আৰু ইয়াৰ সহযোগী সংগঠন, যেনে বজৰং দলৰ সৈতে জড়িত কেডাৰ, যাৰ সংখ্যা ৬০০০ লৈকে আছিল, বন্ধ নিশ্চিত কৰিবলৈ ৰাজপথলৈ ওলাই আহিছিল। লগতে বিষয়াজনে কৈছিল, মুছলমান সম্প্ৰদায়ৰ দুখন দোকান জ্বলাই দিয়া হৈছিল। Share FacebookTwitterReddItWhatsAppPinterestEmail