কংগ্ৰেছৰ জেষ্ঠ নেতা ছলমান খুৰ্চিদৰ বাসগৃহত দুৰ্বৃত্তৰ আক্ৰমণ By MyNewsNE Desk On Nov 15, 2021 Share কংগ্ৰেছৰ জেষ্ঠ নেতা ছলমান খুৰ্চিদৰ নেইনিতালস্থিত গৃহত কোনো দুষ্কৃতিকাৰীয়ে শিল নিক্ষেপ আৰু অগ্নি সংযোগ কৰা বুলি জানিব পৰা গৈছে। এই কথা ছলমান খুৰ্চিদে ফেচবুকৰ জৰিয়তে সদৰী কৰে। খবৰ অনুসৰি আক্ৰমণৰ সময়ত দুষ্কৃতিকাৰীসকলৰ হাতত বিজেপিৰ পতাকা আৰু সাম্প্ৰদায়িক মন্তব্যও কৰিছিল। উল্লেখযোগ্য যে প্ৰাক্তন বৈদেশিক মন্ত্ৰীগৰাকীৰ ‘ছনৰাইজ অভাৰ অযোধ্যা’ কিতাপখনক লৈ দেশজুৰি তীব্ৰ বিতৰ্কৰ সৃষ্টি হৈছিল। খুৰ্চিদে কিতাপখনত হিন্দুত্বৰ তুলনা উগ্ৰপন্থী সংগঠন আই এছ আই এছৰ সৈতে কৰিছিল। কিতাপখনৰ প্ৰকাশৰ পিছৰে পৰা দেশৰ হিন্দুত্ববাদী সংগঠনৰ লগতে বিজেপিৰ একাংশ নেতাই ছলমান খুৰ্চিদক তীব্ৰ ভাষাৰে গৰিহনা জনাইছে। এই সন্দৰ্ভত খুৰ্চিদে মত ব্যক্ত কৰি কয় যে -তেঁও কেতিয়াও হিন্দুত্বৰ তুলনা উগ্ৰপন্থী সংগঠনৰ সৈতে কৰা নাই। লগতে তেঁও কৈছে যে- যিদৰে বিজেপিৰ সমৰ্থকসকলে ধৰ্মৰ দুব্যৱহাৰ কৰি আহিছে, সেয়েহে তেঁওলোকক সেইসকলৰ লগত তুলনা কৰা হৈছে যিসকলে ইছলামৰ দুব্যৱহাৰ কৰি আহিছে। Share FacebookTwitterReddItWhatsAppPinterestEmail