Local, Vocal, Global

ৰাজ্যত ভয়াবহ ৰূপ লৈছে কৰ’নাৰ সংক্ৰমনে, দিনটোৰ ভিতৰতে ১১১ জন আক্ৰান্ত

*ৰাজ্যত কৰ’না আক্ৰান্তৰ সংখ্যা ৩,৪৩০ লৈ বৃদ্ধি।
*ব্হস্পতিবাৰে নিশা নতুনকৈ আক্ৰান্ত হোৱা ১১১ গৰাকীসহ দিনটোত মুঠ আক্ৰান্তৰ সংখ্যা ১৪৫।
*এই পৰ্যন্ত ৰাজ্যত সক্ৰিয় ৰোগীৰ সংখ্যা ১,৯৮৭ ,আৰোগ্য ১,৪৩২ ,৬ গৰাকীৰ মৃত্যু।
*কৰ’নাৰ ভয়াৱহ গ্ৰাসত গুৱাহাটী মহানগৰী। ৰূপনগৰত ১১ মহীয়া শিশুৰ সংক্ৰমনক লৈ চাঞ্চল্য
ৰূপনগৰৰ ৰূপালী পথৰ এঘৰত আছিল শিশুটি।২ জুনত পিতৃ-মাতৃৰ সৈতে ৰাজস্থানৰ পৰা বিমানেৰে আহিছিল শিশুটি।
বিমান বন্দৰতে নমুনা পৰীক্ষা কৰা হৈছিল শিশুটিৰ। ৰূপনগৰত শিশুটি থকা ঘৰটোৰ মালিকৰ পত্নী লাচিত নগৰৰ হনুমাণ মন্দিৰৰ সৈতে জড়িত।
হনুমান মন্দিৰৰ চোৱাচিতা কৰিছিল পৰিয়ালটোৱে।
আক্ৰান্ত শিশুটিৰ সম্পৰ্কীয় মহিলাগৰাকীৰ কণ্যাই ঘৰতে টিউচন কৰিছিল। গণসংক্ৰমনৰ আশংকাত ৰূপনগৰৰ ৰূপালী পথৰ ৰাইজ।
*মহানগৰীত এই পর্যন্ত মুঠ ৩২ স্থানক কন্টেইনমেন্ট জ’ন ঘোষণা
নতুনকৈ কন্টেইনমেন্ট জ’নত সোমাল ঘোঁৰামাৰাৰ প্ৰাগজ্যোতিষ হাউচিং কমপ্লেক্স, বামুণিমৈদামৰ কুশল নগৰ,আঠগাঁও পুখুৰি পাৰ,বৰ্ষাপাৰা,বিৰুবাৰী আৰু ৰূপনগৰ।