Local, Vocal, Global

১৬ জুনৰ পৰা ৰাজ্যৰ অনা-বিজেপি দুৰ্গত শাসক দলৰ ৰণশিঙা…

কেন্দ্ৰত মোদী চৰকাৰৰ দ্ৱিতীয় কাৰ্যকালৰ প্ৰথম বৰ্ষপূৰ্তিত অসমত দ্ৱিতীয় ইনিংছৰ বাবে কুচকাৱাজ আৰম্ভ কৰিছে গেৰুৱা দলে৷ কৰ’না আতংকৰ মাজতে ৰাজ্যৰ ৫০ লাখ পৰিয়ালৰ ঘৰলৈ গৈ সম্পৰ্ক বিস্তাৰৰ লক্ষ্যৰে ১৬জনৰ পৰা ৰাজ্যত জনসম্পৰ্ক অভিযান আৰম্ভ কৰিব শাসক দলটোৱে৷ ২০২১ৰ বিধানসভা নিৰ্বাচনক কেন্দ্ৰ কৰি জনসম্পৰ্ক যাত্ৰাৰ বাবে শাসক দলটোৱে বাচি লোৱা ৰাজ্যৰ ২৮টা সমষ্টিৰ আটাইকেইটাই অনা বিজেপিৰ দখলত৷ মন কৰিবলগীয়া যে কেৱল বিৰোধী দল কংগ্ৰেছেই নহয়, শাসক দলৰ সৈতে মিত্ৰতা থকা অগপ, বিপিএফৰ দখলতো থকা সমষ্টিত ৰণশিঙা বজাবলৈ সাজু হৈছে গেৰুৱা বাহিনী৷ মুখ্যমন্ত্ৰী, নেডাৰ আহ্বায়ক, ৰাজ্যিক বিজেপিৰ সভাপতিৰ লগতে শাসক দলৰ মন্ত্ৰী-সাংসদ-বিধায়ক আৰু ৰাজ্যিক বিষয়ববীয়াই ১৬ জুনত পাতনি মেলিব লগা জনসম্পৰ্ক অভিযানৰ সমষ্টিগত তালিকাতে স্পষ্ট হৈছে এইবেলি যে একক সংখ্যাগৰিষ্ঠতাৰ লক্ষ্যৰে নিৰ্বাচনী ৰণনীতি প্ৰস্তুত কৰিছে গেৰুৱা দলটোৱে৷ ১৬ জুনত দিনৰ ১১ বজাত কেন্দ্ৰীয়ভাৱে মুকলি হ’ব লগা বিজেপিৰ জনসম্পৰ্ক অভিযান সেইদিনাই দিনৰ ১১.৩০ বজাত ২৮টা সমষ্টিত আনুষ্ঠানিকভাৱে আৰম্ভ হ’ব৷ ইতিমধ্যে সমষ্টিগতভাৱে দলে দায়িত্ব অৰ্পণ কৰা তালিকাখন এনেধৰণৰ—

 

(১) সৰ্বানন্দ সোণোৱাল             বকো

(২) ৰঞ্জিত কুমাৰ দাস              পশ্চিম গুৱাহাটী

(৩) ড০ হিমন্ত বিশ্ব শৰ্মা          তামুলপুৰ

(৪) ৰামেশ্বৰ তেলী                 ডুমডুমা

(৫) ৰমেন ডেকা                   মাজবাট

(৬) ৰাজেন গোহাঁই                নাজিৰা

(৭) বিজয়া চক্ৰৱৰ্তী                ছয়গাঁও

(৮) কবিন্দ্ৰ পুৰকায়স্থ              হাইলাকান্দি

(৯) পৰিমল শুক্লবৈদ্য             পূৱ গোৱালপাৰা

(১০) ৰঞ্জিৎ দত্ত                        নাওবৈচা

(১১) চন্দ্ৰমোহন পাটোৱাৰী      বঙাইগাঁও

(১২) সিদ্ধাৰ্থ ভট্টাচাৰ্য               কলাইগাঁও

(১৩) ছুম’ ৰংহাং                       চামগুৰি

(১৪) নৱ কুমাৰ দলে               বৰমা

(১৫) ভৱেশ কলিতা                কোকৰাঝাৰ

(১৬) পীয়ূষ হাজৰিকা             ওদালগুৰি

(১৭) যোগেন মহন                 তিতাবৰ

(১৮) সঞ্জয় কিষাণ                 মৰিয়নী

(১৯) দিলীপ শইকীয়া             পাটাছাৰকুছি/ভৱানীপুৰ

(২০) প্ৰদান বৰুৱা                 শিৱসাগৰ

(২১) তপন কুমাৰ গগৈ         গোলাঘাট

(২২) পল্লৱ লোচন দাস         লখিমপুৰ

(২৩) ডাঃ ৰাজদীপ ৰায়         উত্তৰ কৰিমগঞ্জ

(২৪) কুইন ওজা                   কমলপুৰ

(২৫) কৃপানাথ মাল্লা              লক্ষীপুৰ

(২৬) হৰেন সিং বে’               বঢ়মপুৰ

(২৭) কামাখ্যা প্ৰসাদ তাছা      তেজপুৰ

(২৮) ভুৱনেশ্বৰ কলিতা          বিজনী

 

উল্লেখ্য যে শাসক দলটোৱে ৫০ লাখ পৰিয়ালৰ কাষ চপাৰ লক্ষ্য লোৱা এই জনসম্পৰ্ক অভিযান অহা ৩০ জুনৰ ভিতৰত সম্পূৰ্ণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে৷