Local, Vocal, Global

তলাবন্ধ ঘৰত কোৱাৰেইণ্টাইন, আচৰণ বিধি উলংঘা কৰা যুৱকক লৈ গোলাঘাটত সমস্যা

এইবাৰ গোলাঘাটৰ তলাবন্ধ ঘৰত হোম কোৱাৰেণ্টাইনৰ ঘটনা । তলাবন্ধ ঘৰৰ ভিতৰতে সাতদিন সোমায় থাকিব লাগিব এজন যুৱক। যুৱক জনৰ নাম দিগন্ত বৰা । ঘৰ বেঙেনাখোৱাত । আনলক প্ৰথম পৰ্যায়ৰ মাজতে গুজৰাটৰ পৰা আহি পোনে পোনে গোলাঘাট ছহিদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ৰ জি এন এম নাৰ্চিঙ ট্ৰেইনিং চেন্টাৰৰ কোৱাৰেণ্টাইন কেন্দ্ৰত কোৱাৰেণ্টাইন হয় সাত দিন। সাতদিনৰ সময় সীমা শেষ হোৱাৰ পাছত তেওঁ বেঙেনাখোৱাৰ ভাড়া ঘৰলৈ যায় পুনৰ সাতদিনৰ হোম কোৱাৰেণ্টাইনৰ বাবে । কিন্তু ভাড়া ঘৰত উপস্হিত হৈয়েই পুৰণি নিচাই উক দিলে। লগৰীয়াৰ লগত ভাঙৰ চিলিম লৈ হৈ পৰিল ব্যস্ত।ইমানেই নহয়, লগৰীয়াৰ লগত বাহিৰত ঘুৰিবলৈও আৰম্ভ কৰি দিয়ে। সেয়ে ভৱিষ্যতৰ কথা চিন্তা কৰি ভাড়াঘৰৰ মালিকে ঘৰৰ পৰা উলিয়াই দিয়ে যুৱক সহ পত্নীক । লগে লগে অঞ্চলটোত হুলস্থূল লাগিল। অৱশেষত ঘটনাস্থলীত উপস্থিত হ’ল আশা কৰ্মী আৰু স্থানীয় ৰাইজ। সকলোৰে উপস্থিতিত দিগন্ত বৰা নামৰ যুৱক জনক স্বৰ্ত সাপেক্ষে ভাড়াঘৰতে থাকিবলৈ দি বাহিৰৰ পৰা তলা লগাই দিয়ে আশা কৰ্মী আৰু স্থানীয় পঞ্চায়তৰ সদস্যই। অৱশ্যে দিগন্তৰ পত্নীক মাকৰ ঘৰত থৈ আহে সাত দিনৰ বাবে । পৰিয়ালৰ লোকে দিগন্তক বাহিৰৰ পৰা যোগান ধৰিব খাদ্য । গুজৰাটৰ পৰা অহা দিগন্ত বৰাক কৰ’না নিগেটিভ হোৱাৰ বাবেই সাতদিনৰ পিছত ঘৰলৈ যাবলৈ দিয়া হৈছিল। আনহাতে একেটা অঞ্চলৰে বাবাতো কৰ্মকাৰ নামৰ আন এজন যুৱকৰ অটপালিৰ বাবে এটা চৌহদৰ সকলো বাসিন্দা হোম কোৱাৰেণ্টাইন হ’ব লগীয়া ঘটনা পোহৰলৈ আহিছে। প্ৰথম পৰ্যায়ৰ আনলকৰ মাজতে গুজৰাটৰ পৰা আহিছিল বাবাতো । গোলাঘাট শ্বহীদ কুশল কোৱৰ অসামৰিক চিকিৎসালয়ৰ কোৱাৰেণ্টাইন কেন্দ্ৰত সাত দিন থাকি  বেঙেনাখোৱাৰ ঘৰলৈ সাত দিনৰ বাবে যায় হোম কোৱাৰেণ্টাইন কটাবলৈ । কিন্তু যুৱকজনে  হোম কোৱাৰেণ্টাইনৰ পৰিবৰ্তে অঞ্চলটোত ঘুৰি ফুৰাত স্থানীয় ৰাইজৰ মাজত আতংকৰ সৃষ্টি হয়। স্থানীয় ৰাইজে আশাকৰ্মী ,স্থানীয় ৱাৰ্ড সদস্যাক খবৰ দিয়াত বাবাতো কৰ্মকাৰ আৰু তেওঁৰ ঘৰৰ চৌহদৰ সকলোকে কোৱাৰেণ্টাইন হোৱাৰ নিৰ্দেশ দিয়ে ।