Local, Vocal, Global

ৰাজ্যত অব্যাহত কৰ’নাৰ ভয়ৱহতা

ৰাজ্যত অব্যাহত কৰ’নাৰ ভয়ৱহতা। প্ৰতিদিনে বৃদ্ধি সংক্ৰমিত লোকৰ সংখ্যা। বিগত ২৪ ঘন্টাত অৰ্থাৎ দেওবাৰৰ দিনটো ৰাজ্যত পুনৰ আক্ৰান্ত ১১২৩গৰাকী। ইয়াৰ বিপৰীতে দেওবাৰে আৰোগ্য লাভ কৰি ঘৰলৈ উভতে ১৭৩৪গৰাকী ৰোগীয়ে। নতুনকৈ আক্ৰান্তসকলৰ ভিতৰত ২৪০গৰাকী কামৰূপ মহানগৰৰ আৰু ১২১গৰাকী যোৰহাটৰ। দেওবাৰৰ দিনটোত ৰাজ্যত কৰ’নাত আক্ৰান্ত হৈ মৃত্যু হয় ৫গৰাকী লোকৰ।
ৰাজ্যত বৰ্তমানলৈ কৰ’নাত আক্ৰান্ত ৫৮,৮৩৭গৰাকী লোক। বৰ্তমানলৈ ৰাজ্যত ৪২,৩২৫গৰাকী ৰোগীয়ে আৰোগ্য লাভ কৰাৰ বিপৰীতে মৃত্যু হৈছে ১৪৫গৰাকী ৰোগীৰ। বৰ্তমান ৰাজ্যত চিকিৎসাধীন অৱস্থাত আছে ১৬,৩৬৪গৰাকী ৰোগী। যোৱা ২৪ ঘন্টাত অসমৰ স্বাস্থ্য বিভাগে ২৪,৪৯২গৰাকী লোকৰ SWAB পৰীক্ষা সম্পন্ন কৰে। ২৪ ঘন্টাত অসমত কৰ’নাত আক্ৰান্তৰ হাৰ ৪.৫৪শতাংশ।