৫৯ চীনা এপ নিষিদ্ধকৰণৰ ঘোষণা, তাৰ পিছত ?

ভাৰত- চীন সীমা বিবাদৰ প্ৰভাৱ বাৰুকৈয়ে পৰিছে দুয়ো দেশৰ মাজৰ অৰ্থনৈতিক, বাণিজ্যিক সম্পৰ্কত। সোমবাৰে ভাৰত চৰকাৰে দেশখনত সক্ৰিয় হৈ থকা ৫৯ টা চীনা এপ নিষিদ্ধ ঘোষণা কৰে। এতিয়া সেই কোম্পানী সমূহক ৪৮ ঘণ্টা সময় দিয়া হৈছে আত্ম পক্ষৰ সমৰ্থনত বিবৃতি আগবঢ়োৱাৰ বাবে। চৰকাৰে গঠন কৰি দিয়া এখন বিশেষ কমিটিয়ে সেই কোম্পানী সমূহৰ ভাষ্য গ্ৰহণ কৰিব। এক সূত্ৰৰ খবৰ মতে চৰকাৰে গঠন কৰি দিয়া এই কমিটিখন তথ্য প্ৰযুক্তি, গৃহ, সম্প্ৰচাৰ আৰু আইন বিভাগৰ উচ্চ পদস্থ আমোলাৰ দ্বাৰা গঠন কৰা হৈছে। ইফালে দেশত নিষিদ্ধ কৰা চীনা এপ সমূহ আঁতৰোৱাৰ বাবে চৰকাৰে গুগল প্লে ষ্ট’ৰৰ প্ৰতি নিৰ্দেশ জাৰি কৰিছে। সেই অনুসৰি এতিয়া প্লে ষ্ট’ৰত সেই এপ সমূহ উপলব্ধ নহ’ব আৰু নতুন ইউজাৰে সেই এপ সমূহ ডাউনলোড কৰিবও নোৱাৰিব। চৰকাৰে ইণ্টাৰনেট চাৰ্ভিছ প্ৰভাইডাৰ সমূহৰ প্ৰতিও এই ৫৯ টা এপ ব্লক কৰাৰ নিৰ্দেশ জাৰি কৰিছে। পিছে এই ৫৯ টা এপৰ তালিকাই চূড়ান্ত নহয়, কাৰণ দেশৰ নিৰাপত্তা, কৌশলগত নিৰাপত্তাৰ স্বাৰ্থত নিষিদ্ধ কৰিব লগীয়া আৰু কিছুমান এপ ৰ এখন তালিকা শীঘ্ৰেই প্ৰকাশ পোৱাৰ সম্ভাৱনা আছে।