জ্বলিয়েই আছে বাঘজান তৈলখাদৰ অভিশপ্ত জুই
৩৩টাকৈ দিন অতিক্ৰম কৰাৰ পিছতো জ্বলিয়েই আছে বাঘজান-৫ তৈলখাদৰ অভিশপ্ত জুই৷ এতিয়াও অইল কৰ্তৃপক্ষই নিৰ্বাপিত কৰিবলৈ সক্ষম হোৱা নাই বাঘজানৰ ৫নং তৈলখাদৰ অভিশপ্ত জুই৷ ২৭ মে’ত বিস্ফোৰিত হৈ অহৰহভাৱে তেল মিশ্ৰিত গেছ নিৰ্গত হোৱাৰ ফলত বৃহত্তৰ বাঘজান অঞ্চলৰ লগতে বিস্তৰ ক্ষতি হৈছিল পক্ষীবিল মতাপুং মাগুৰিবিলৰ৷ ফলত মৃত্যু হৈছে মাছ, কাছ, শিহুৰ লগতে জীৱকূলৰ৷ প্ৰদূষিত হোৱা মাগুৰিবিলক নিষ্কাষণ কৰিবলৈ অইল কতৃপক্ষই এতিয়ালৈকে উন্নতমানৰ প্ৰযুক্তি ব্যৱহাৰ নকৰাৰ অভিযোগ স্থানীয় ৰাইজৰ৷ অইলৰ এনে কাণ্ডৰ প্ৰতি ক্ষোভ প্ৰকাশ কৰিছে একাংশই৷ ৰাইজৰ দাবী উন্নত প্ৰযুক্তি ব্যৱহাৰ কৰি নিষ্কাষণ কৰক মতাপুং মাগুৰি বিল৷