Local, Vocal, Global

২৪ ঘণ্টাত ৫ সহস্ৰাধিক নতুনকৈ কৰ’না আক্ৰান্ত, মহাৰাষ্ট্ৰত ৩১ জুলাইলৈ বৃদ্ধি লকডাউন

মাত্ৰ ২৪ ঘণ্টাৰ ভিতৰতে ৫,৪৯৩গৰাকী লোক নতুনকৈ কৰ’না আক্ৰান্তৰূপে চিনাক্ত হৈছে। এই ঘটনা কাল কৰ’নাই দেশৰ ভিতৰতে সবাতোকৈ সংহাৰী ৰূপ লোৱা মহাৰাষ্ট্ৰৰ। বিগত ২৪ ঘণ্টাত  ৰাজ্যখনত ১৫৬জন লোকৰ প্ৰাণ লৈছে কৰ’নাই। কৰ’নাই এইদৰে পৰিস্থিতি ভয়াৱহ কৰি ৰখাৰ পৰিপ্ৰেক্ষিতত মহাৰাষ্ট্ৰ চৰকাৰে ৰাজ্যখনত লকডাউন অহা ৩১ জুলাইলৈকে বৃদ্ধি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। দেখা গৈছে যে ৰাজ্যখনত বিশেষকৈ পুনে আৰু মুম্বাইত কৰ’নাৰ সংক্ৰমণৰ গতি অতিকে তীব্ৰ। সামগ্ৰিকভাৱে মহাৰাষ্ট্ৰত কৰ’নাৰ কৱলত পৰি মৃত্যু হোৱা লোকৰ সংখ্যা হৈছেগৈ ৭,৪২৯। ৰাজ্যখনত কৰ’নাৰ দ্বাৰা আক্ৰান্ত হোৱা লোকৰ সংখ্যা হৈছেগৈ ১,৬৪,৬২৬। ইয়াৰ ভিতৰত প্ৰায় ৭০,৬০৭টা ঘটনা সক্ৰিয়৷