Website Design: dastechnologies.in
পেট্ৰ’ল ,ডিজেল, খাদ্য সামগ্ৰীৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে লখিমপুৰত সৰৱ কংগ্ৰেছ কমিতি আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ। মূল্যবৃদ্ধিৰ বিৰুদ্ধে সমুখত তামোলৰ ঢকুৱা লৈ তীব্ৰ প্ৰতিবাদ কংগ্ৰেছ কমিতি আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ।একে বিষয়ত নগৰৰ মাজ মজিয়াত দেশৰ প্ৰধানমন্ত্ৰী, পেট্ৰ’লিয়াম মন্ত্ৰীৰ প্ৰতিকৃতি দাহ কৰিলে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিসদৰ লখিমপুৰ জিলা সমিতিয়ে। প্ৰতিবাদকাৰীৰ অভিযোগ কৰ’ণাৰ আলম লৈ দেশত পেট্ৰ’ল ডিজেলৰ মূল্যবৃদ্ধি কৰিছে বিজেপি চৰকাৰে। অসম চৰকাৰ আৰু যোগান বিভাগকো তীব্ৰ সমালোচনা কৰে প্ৰতিবাদকাৰীয়ে ।