Local, Vocal, Global

শোণিতপুৰত  পুনৰ কৰ’নাত  আক্ৰান্ত  ১৩গৰাকীকৈ ব্যক্তি

শোণিতপুৰত  পুনৰ কৰ’নাত  আক্ৰান্ত  ১৩গৰাকীকৈ ব্যক্তি। তেজপুৰ  আয়ুচন্দ্ৰা হাস্পতাল ২, ৰঙাপৰা ২, ঢেকিয়াজুলি ৪, চাৰিদুৱাৰ, ঠেলামৰা, চতিয়া , তেজপুৰ, মাজগাঁৱত এগৰাকীকৈ  ব্যক্তি আক্ৰান্ত  কৰ’নাত। ২৩জুনৰ ৰাতি কৰ’না পজিটিভ পোৱা তেজপুৰ চিকিৎসা মহাবিদ্যালয়ৰ ডা:অমৃত শৰ্মাই সেৱা আগবঢ়োৱা তেজপুৰ আয়ুচন্দ্ৰা হাস্পতালৰ  কৰ্মচাৰী দিব্যজ্যোতি হাজৰিকা আৰু মনামী ওজা আক্ৰান্ত হৈছে কৰ’নাত। ইয়াকে লৈ শোণিতপুৰত এতিয়া  কৰ’না আক্ৰান্তৰ সংখ্যা বৃদ্ধি পালে ৩৭৫লৈ ।