সোৱনশিৰি জলবিদ্যুৎ প্ৰকল্পলৈ সামগ্ৰী কঢ়িওৱাক কেন্দ্ৰ কৰি উত্তাল উত্তৰ অসম
নামনি সোৱনশিৰি জলবিদ্যুৎ প্ৰকল্পলৈ সামগ্ৰী কঢ়িওৱাক কেন্দ্ৰ কৰি পুনৰ উত্তাল হৈ পৰিছে উত্তৰ অসম ৷ ঠায়ে ঠায়ে বিভিন্ন দল সংগঠনে সামগ্ৰী কঢ়িওৱা বাহন আবদ্ধ কৰি সাব্যস্ত কৰিছে প্ৰতিবাদ। কালি নিশা বিশ্বনাথ চাৰিআলিত আছুৱে আবদ্ধ কৰে দুখনকৈ বৃহৎ যন্ত্ৰ কঢ়িয়াই অনা বাহন। কাৰ্ফিউৰ সুযোগ গ্ৰহন কৰি এনেদৰে লৈ অনা দুখনকৈ ট্ৰাক সাধাৰুৰ ওচৰত নিশা আবদ্ধ কৰে। কিন্তু আজি পুৱাৰে পৰা আৰক্ষীৰ এটা বৃহৎ দলে সুৰক্ষা দি বিশ্বনাথ জিলাৰ সীমা হাৱাজান পৰ্যন্ত লৈ যোৱাৰ ব্যৱস্থা কৰিছে ৷ ৰাজপথত যাতে কোনেও বাধা দিব নোৱাৰে তাৰ বাবে কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজেৰে এনেদৰে দুয়োখন ট্ৰাক লৈ গৈছে আৰক্ষীয়ে। বিশ্বনাথৰ উপ আৰক্ষী পৰিদৰ্শক গৰাকীয়ে নিজেই লৈছে বিশেষ ব্যৱস্থা ৷