মাৰ্ঘেৰিটাত বানৰ সংহাৰী ৰূপ, প্লাবিত একাধিক গাঁও
দিহিং নৈৰ বাঢ়নী পানীয়ে প্লাবিত কৰিছে মাৰ্ঘেৰিটা সমষ্টিৰ কুমচাই পঞ্চায়তৰ শ শ বিঘা কৃষিভূমি আৰু বহু সংখ্যক বাসগৃহ । জলমগ্ন হৈ পৰিছে কেইবাখনো গাঁও। ক্ষতিগ্ৰস্ত হৈছে বহু পৰিয়াল। নষ্ট হৈছে খেতিৰ পথাৰ৷ পশুধনৰো ব্যাপক ক্ষয়-ক্ষতি । এই বানত বিশেষকৈ ক্ষতিগ্ৰস্ত হৈছে সৰ্বোদয়, ঘৰফলীয়া, নৱজ্যোতি আদি অঞ্চল ৷ বছৰ বছৰ ধৰি ৰাইজে চৰকাৰৰ পৰা বিচাৰি আহিছে কিঞ্চিৎ সহায় । বিনিময়ত পাইছে কেৱল মিছা প্ৰতিশ্ৰুতি । ক্ষতিগ্ৰস্ত অঞ্চলৰ ৰাইজে দীর্ঘকালে এটা মথাউৰি বিচাৰি আহিছে যদিও এওঁলোকৰ আবেদনৰ প্ৰতি কিঞ্চিৎমানো সঁহাৰি নাই জনপ্ৰতিনিধি তথা চৰকাৰী আমোলা বিষয়াৰ । সেয়ে এইসকল খাটিখোৱা চহা গাঁৱলীয়া লোকে প্ৰতিটো বছৰে এইদৰে দুর্ভোগ ভুগিব লগীয়া হয় প্রকৃতিৰ এই সংহাৰত ।