Website Design: dastechnologies.in
বৰপেটা জিলাৰ জনীয়া সমষ্টিত ক্ৰমাৎ ভয়াৱহ হৈ পৰিছে বেঁকী নৈৰ বানপানী। সঘনাই ভূটানৰ কুৰিছু বান্ধৰ পানী এৰি দিয়াৰ ফলত বেঁকী নৈৰ জলপৃষ্ঠ বৃদ্ধি হোৱাত সমষ্টি টোৰ ন ন অঞ্চল প্লাৱিত হবলৈ আৰম্ভ কৰিছে। ইতিমধ্যে হেজাৰ হেজাৰ পৰিয়াল , পশুধন পানীৰ মাজত আৱদ্ধ হৈ পৰিছে। ডুব গৈছে বানাক্ৰান্ত অঞ্চলৰ মীন পালন কৰা পুখুৰীবোৰ। ইয়াৰ মাজতে নিশা লাচাংগা নামে গাঁওখনত সৃষ্টি হয় এক হাহাকাৰময় পৰিস্থিতিৰ। কলগাছিয়া-টেঙাগাঁও গড়কাপ্তানী পথৰ ওপৰেদি পানী বাগৰাত আৰু লাচাংগা-মোৱামাৰী পথটো কেবা ঠাইত ছিগি যোৱাত কেবাটাও পৰিয়ালৰ ঘৰ পানীত বুৰ যায় ৷ গোটেই নিশা লাচাংগা গাঁৱৰ ৰাইজে বাঁহ, খেৰ, কলগছ আৰু বাঁহেৰে পথৰ লগতে নিজৰ ঘৰবাৰী ৰক্ষাৰ বাবে চেষ্টা চলায় । এইক্ষেত্ৰত বৰপেটা জিলা প্ৰশাসনে বানাক্ৰান্ত ৰাইজৰ খবৰ লোৱা দুৰৰে কথা বান-পানীত আৱদ্ধ হৈ থকা পৰিয়ালবোৰক উদ্ধাৰৰ বাবেও কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ কৰিছে। অতি সোনকালে বান পানীত আবদ্ধ হৈ থকা পৰিয়ালসমূহক উদ্ধাৰৰ বাবে দাবী জনাইছে বানাক্ৰান্তই।