Website Design: dastechnologies.in
*পৃথিৱীৰ সৈতে ‘পবিত্ৰ ৰিষ্টা’ ৰ বান্ধোন ছিঙি গুচি গ’ল সুশান্ত সিং ৰাজপুত।
আজি বর্ষাসিক্ত মায়া নগৰীয়ে অশ্ৰুসিক্ত নয়নেৰে বিদায় দিলে সুশান্ত সিং ৰাজপুতক। শত সহস্ৰ অনুৰাগীক শোকস্তব্ধ কৰি কালি আত্মহননৰ পথ বাছি লোৱা বলিউডৰ প্ৰবল প্ৰতিশ্ৰুতিসম্পন্ন উডীয়মান অভিনেতা জনৰ আজি অন্ত্যেষ্টি ক্ৰিয়া সম্পন্ন হয় ভিলে পাৰ্লেৰ সেৱা সমাজ ঘাটত । ‘বলিউডৰ ধোনি’ খ্যাত অভিনেতা জনক শেষ বিদায় জনাবলৈ উপস্থিত আছিল তেওঁৰ পিতৃ, তিনি ভগ্নী, এজন ভ্ৰাতৃ আৰু কেইজনমান আত্মীয় তথা বন্ধু বান্ধৱ । ইয়াৰ লগে লগে পৰিসমাপ্তি ঘটিল ভাৰতীয় চিনেমাৰ এক তেনেই চমু অথচ উজ্জল অধ্যায়ৰ।