Local, Vocal, Global

সুশান্তৰ মৃতদেহৰ ফটো শ্বেয়াৰ নকৰিবলৈ মহাৰাষ্ট্ৰ ছাইবাৰ চেলৰ কঠোৰ সকীয়নি

বলীউডৰ জনপ্ৰিয় অভিনেতা সুশান্ত সিং ৰাজপুতৰ আত্মহননৰ বাতৰিত শোকাকূল বলীউডপ্ৰেমী ৰাইজ। দেওবাৰে মুম্বাইৰ বান্দ্ৰাস্থিত বাসগৃহত চিপজৰী লৈ মৃত্যুক সাৱটি লয় সুশান্তে। ৩৪ বছৰীয়া সুদৰ্শন অভিনেতাজনে কিয় আত্মহননৰ পথ বাচি ল’লে সেয়া এতিয়ালৈকে পোহৰলৈ অহা নাই।

সুশান্তৰ আত্মহননৰ পিছতে ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছিল সুশান্তৰ মৃতদেহৰ ফটো। ইতিমধ্যে জনপ্ৰিয় অভিনেতাগৰাকীৰ মৃতদেহৰ ফটো বহু লোকেই ছ’চিয়েল মিডিয়াত আপলোড তথা শ্বেয়াৰ কৰিছে। চিপজৰীৰ ফলত ডিঙিত স্পষ্ট চিন থকা ফটোও বহু লোকে নিজৰ নিজৰ একাউণ্ট যোগে শ্বেয়াৰ কৰিছে। এনেধৰণৰ আপত্তিজনক ফটো শ্বেয়াৰ কৰাসকলৰ বিৰুদ্ধে কঠোৰ হৈছে মহাৰাষ্ট্ৰ আৰক্ষী আৰু মহাৰাষ্ট্ৰ চাইবাৰ চেল।

এনে ফটোৱে মানুহৰ মাজত ভয় ভাৱ সৃষ্টি কৰাৰ সম্ভাৱনা অধিক। আনহাতে আইন অনুসৰি ছ’চিয়েল মিডিয়া যোগে কোনো ধৰণৰ মৃতদেহ, তেজ আদি থকা ফটো শ্বেয়াৰ কৰাটো এক অপৰাধ। তেনে ক্ষেত্ৰত এজন অভিনেতাৰ আত্মহত্যাৰ পিছৰ ফটো ছচিয়েল মিডিয়াত ভাইৰেল হোৱাটো দুৰ্ভাগ্যজনক বুলি কোৱাৰ লগতে যিসকলে এই ফটো শ্বেয়াৰ কৰিছে তেওঁলোকক ফটো ডিলিট কৰিবলৈ নিৰ্দেশ প্ৰদান কৰিছে। এনেধৰণৰ ফটো শ্বেয়াৰ কৰিলে কঠোৰ আইনী ব্যৱস্থা গ্ৰহণ কৰি শাস্তি বিহাৰ কথাও টুইটাৰ একাউণ্টযোগে সদৰী কৰিছে মহাৰাষ্ট্ৰ ছাইবাৰ চেলে।