Local, Vocal, Global

কিয় আত্মহত্যা কৰিলে দশমমান শ্ৰেণীৰ ছাত্ৰই ?

প্ৰেম হেনো এক স্বৰ্গীয় অনুভূতি৷ স্বগীয় প্ৰেমৰ আস্বাদনে পোহৰ আনে বহুতৰ জীৱনলৈ। প্ৰেমে দিয়ে জীয়াই থকাৰ সাহস আৰু প্ৰেৰণা। আৰু কেতিয়াবা কাৰোবাৰ বাবে প্ৰেম হৈ পৰে মৰ্মান্তিক-দুৰ্বিসহ-হৃদয়বিদাৰক। প্ৰেমৰ বাবেই জ্বলি থকা জীৱন চাকি নুমাই যাব পাৰে হঠাতে। প্ৰেমে দিব পাৰে এক অসহনীয় বেদনা আৰু শোক। হয়, তেনে এক ঘটনাই সংঘটিত হ’ল দেৰগাঁৱত। চহৰখনৰ পৰা কেইকিলোমিটাৰমান দূৰৈত সংঘটিত হ’ল এই অতিকে শোকাৱহ ঘটনাটো। প্ৰেমত বিফল হোৱাৰ বাবেই যেন দশম শ্ৰেনীত অধ্যয়নৰত এজন কিশোৰ ছাত্ৰই বাচি ল’লে জীৱনৰ চৰম পথ। এই মৰ্মান্তিক ঘটনাটো দেৰগাৱঁৰ কৃষিপ্ৰধান ব্ৰহ্মপুত্ৰ অঞ্চলৰ। মিচিং জনজাতি প্ৰধান অঞ্চলটোৰ  চাৰহ মিচিং গাঁৱৰ ভৱেশ মিলি নামৰ দশম শ্ৰেনীৰ ছাত্ৰজনে সোমবাৰে পুৱাৰ ভাগত পথাৰত গৰু এৰাল দিবলৈ গৈ চিপ লৈ আত্মহত্যা কৰে। স্থানীয় লোকে ঘটনাটো প্ৰতক্ষ কৰাৰ পিছতে হুৱাদুৱা লাগে সমগ্ৰ অঞ্চলটোত। ছাত্ৰজনৰ আত্মীয়ৰ মতে এগৰাকী সহপাঠী ছাত্ৰীৰ সৈতে প্ৰেমৰ সম্পৰ্ক আছিল ভৱেশৰ। ৩ দিন পূৰ্বে প্ৰেমিকা আনলৈ বিয়া হৈ যোৱাৰ বাবেই মানসিকভাৱে ভাগি পৰে ভৱেশ আৰু বাচি ল’লে জীৱনৰ চৰম সিদ্ধান্ত। আনহাতে ছাত্ৰজনৰ পেণ্টৰ পকেটত ৰাইজে উদ্ধাৰ কৰিছে প্ৰেমিকাৰ দুখন ফটো। ঘটনাৰ পিছতে শোকত মৃয়মান সকলো৷ কম বয়সীয়া কিশোৰজনৰ এনে সিদ্ধান্তক লৈ গাঁওখনত বিৰাজ কৰিছে চাঞ্চল্য৷