Website Design: dastechnologies.in
বাঘজান কাণ্ডই কঁপাইছে ৰাজ্য। মে’ মাহৰ শেষৰ ফালেই আৰম্ভ হৈছিল অয়লৰ তেলখাদত ভয়াবহ গেছ নির্গমন। পৰিস্থিতি নিয়ন্ত্ৰণত ব্যৰ্থ হৈছিল অয়ল কৰ্তৃপক্ষ। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে একাধিকবাৰ টেলিফোনিক বাৰ্তালাপত মিলিত হয় কেন্দ্ৰীয় পেট্ৰলিয়াম মন্ত্ৰীৰ সৈতে। অৱশেষত আহিল চিংগাপুৰৰ বিশেষজ্ঞ। কিন্তু আজি পুৱাৰ পৰা সেই বিশেষজ্ঞৰ দলে পৰিস্থিতিৰ পৰ্যবেক্ষণ কৰি সবিশেষ পৰিকল্পনা প্ৰস্তুত কৰিবলৈ লোৱাৰ সময়তে ভয়াবহ ঘটনাৰ সূত্ৰপাত ঘটিল। হঠাৎ লাগিল জুই। বাঘজানৰ জুয়ে ভয়াবহ ৰূপ ধাৰণ কৰাৰ সময়তে অধিক তৎপৰতা মুখ্যমন্ত্ৰীৰ আজি বিয়লিৰ ভাগত মুখ্যমন্ত্ৰীয়ে বাঘজানলৈ যোৱাৰ বাবে নিৰ্দেশ দিছে উদ্যোগ আৰু বাণিজ্য মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীক। বাঘজানলৈ গৈ সমগ্ৰ ঘটনাৰ চৰজমিন তদন্ত কৰাৰ বাবেও উদ্যোগ মন্ত্ৰীক নিৰ্দেশ দিছে মুখ্যমন্ত্ৰী সোনোৱালে।