Local, Vocal, Global

এফালৰ পৰা জ্বলিছে বাঘজান, খাণ্ডৱ বনত পৰিণত হ’ব নেকি ডিব্ৰু-চৈখোৱা?

তিনিচুকীয়াঃ এফালৰ পৰা জ্ৱলিছে মাথোঁ জ্ৱলিছে৷ আকাশলৈ উঠি গৈছে ক’লা ধোঁৱাৰ কুণ্ডলী, যেন দৈত্য-দানৱহে৷ ইটোৰ পিছত সিটো ঘৰ জ্বলিছে, জ্বলি ছাঁই হৈ গৈছে পোহনীয়া-বনৰীয়া জীৱ-জন্তু, গছ-বিৰিখ৷ আহত হৈছে ৪জনৰো অধিক লোক৷

বাঘজানৰ জুই দেখি কম্পমান স্থানীয় লোকসকল ঢাপলি মেলিছে নিৰাপদ আশ্ৰয়ৰ সন্ধানত৷ ঘটনাস্থলীৰ বিৱৰণ ‘মাই নিউজ এন ই’ৰ হাতত, প্ৰত্যক্ষদর্শীয়ে ফেচবুক লাইভত যি বৰ্ণনা দিছে সেয়া শুনি শিঁয়ৰি উঠিছে অসমবাসী৷

২৭ মে’ত বাঘজানৰ অইলৰ তৈলখাদত অজ্ঞাত কাৰণত তেল গেছৰ নিৰ্গমন আৰম্ভ হয়৷ গুজৰাটৰ জন এনাৰ্জি প্ৰাইভেট লিমিটেড নামৰ এক ব্যক্তিগত খণ্ডৰ তৈল অনুসন্ধান আৰু উৎপাদন প্ৰতিষ্ঠানে চলাই থকা অইলৰ তেলখাদটোৰ সেই নিৰ্গমন ৰোধ নহ’ল৷বৰঞ্চ তেলখাদটোৰ নিচেই কাষেৰে বৈ যোৱা ডিব্ৰু নৈ আৰু মতাপুং মাগুৰি বিলৰ মাছ, শিহু মৰি উপঙিবলৈ ধৰে৷ মঙলবাৰে তেলখাদটোত সংঘটিত হয় এক বিস্ফোৰণ৷ তাৰ পিছত অধিক সংহাৰী ৰূপ লয় জুইয়ে৷  লগে লগে নামি আহে বিভীষিকা৷

খাদৰ পৰা জুই কাষৰীয়া অঞ্চললৈ বিয়পি পৰে আৰু পার্শ্বৱৰ্তী অঞ্চলটোৰ এক বৃহৎ অঞ্চল এফালৰ পৰা জ্বলি যাবলৈ ধৰে৷ এনে ভয়ংকৰ পৰিস্থিতিত কোনোমতে প্ৰাণৰক্ষা কৰি আঁতৰি যায় অঞ্চলটোৰ ভালেসংখ্যক বাসিন্দা৷ মানৱ সৃষ্ট এই দুৰ্যোগৰ মোকাবিলা কৰাত অসমৰ্থ অইল কৰ্তৃপক্ষ আৰু তিনিচুকীয়া জিলা প্ৰশাসনৰ বিৰুদ্ধে সৰৱ হৈ উঠিছে ভুক্তভোগী লোকসকল৷

বাঘজানৰ পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে লৈ অহা হয় ছিংগাপুৰৰ এক জৰুৰীকালীন পৰিস্থিতি ব্যৱস্থাপনা কোম্পানীৰ বিশেষজ্ঞৰ এটা দল৷ ঘটনাস্থলীত উপস্থিত হৈ সোমবাৰে বিশেষজ্ঞৰ দলটোৱে পৰিস্থিতিৰ বুজ লয় আৰু অগ্নি প্ৰশমন তথা ক্ষয়-ক্ষতি ৰোধৰ চেষ্টা কিদৰে কৰা হ’ব সেই সম্পৰ্কে পৰ্যালোচনা চলায়৷ কিন্তু বিশেষজ্ঞৰ দলটোৱেও এইপৰ্যন্ত দিব পৰা নাই কাৰ্যকৰী উপায়৷

এফালৰ পৰা বাঘজানৰ তেলখাদৰ জুই বিয়পি পৰাত কেৱল জনবসতিপূৰ্ণ অঞ্চল জ্বলি চাৰখাৰ হোৱাই নহয়, ভয়ানক বিপৰ্যয়ৰ অশনি সংকেত নামিছে সমীপৱৰ্তী জৈৱ বৈচিত্ৰৰে ভৰপূৰ ডিব্ৰু চৈখোৱা ৰাষ্ট্ৰীয় উদ্যানলৈ৷ পৰিস্থিতি নিয়ন্ত্ৰিত নহ’লে যিকোনো মুহূৰ্ততে জ্বলি উঠিব পাৰে ৰাষ্ট্ৰীয় উদ্যানখনৰ বনাঞ্চল৷

বাঘজানৰ ভুক্তভোগী আৰু সন্ত্ৰস্ত লোকসকলে তেলখাদৰ জুইৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি ইয়াক ৰাষ্ট্ৰীয় দুৰ্যোগ ৰূপে ঘোষণাৰ দাবী তুলিছে৷ ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে তিনিচুকীয়া জিলা প্ৰশাসনক স্থানীয় ৰাইজৰ জীৱনৰ নিৰাপত্তা নিশ্চিত কৰাৰ আৰু পৰিস্থিতি নিয়ন্ত্ৰণৰ সৰ্বতোপ্ৰকাৰ চেষ্টা চলোৱাৰ বাবে নিৰ্দেশ জাৰি কৰিছে৷ ইতিমধ্যে মুখ্যমন্ত্ৰী সোণোৱালে কেন্দ্ৰীয় পেট্ৰ’লিয়াম মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানক পৰিস্থিতিৰ সবিশেষ অৱগত কৰিছে৷ বাঘজানৰ জুই নিৰ্বাপনৰ বাবে কেন্দ্ৰক হস্তক্ষেপৰ আহ্বান জনাইছে মুখ্যমন্ত্ৰী সোণোৱালে৷

যোৱা ১৫ বছৰৰ ভিতৰত অইল ইণ্ডিয়া লিমিটেডৰ তেলখাদত বিধ্বংসী অগ্নিকাণ্ড সংঘটিত হোৱাৰ এইটো দ্বিতীয় ঘটনা৷ ডিব্ৰুগড় জিলাৰ ডিকমত তেলখাদত ১৫ বছৰ পূৰ্বে সংঘটিত অগ্নিকাণ্ডত নিৰ্বাপিত হ’বলৈ সময় লাগিছিল ৪৫ দিন৷ বাঘজানৰ জুই নুমাব কেতিয়া?

‘মাই নিউজ এন ই’ ডেস্ক