Local, Vocal, Global

মহানগৰীত কভিড-১৯ৰ ভয়াবহৰূপত, বৃদ্ধি পাইচে কণ্টেইনমেন্ট জ’নৰ সংখ্যা

136

মহানগৰীত ভয়াবহৰূপত বৃদ্ধি পাইছে কভিড-১৯ আক্ৰান্ত ৰোগীৰ সংখ্যা৷ গুৱাহাটীত এজনৰ পিছত এজনকৈ ভ্ৰমণ বৃন্তান্ত নথকা আৰু সংক্ৰমণৰ উৎস চিহ্নিত নোহোৱা ব্যক্তিৰ দেহত কভিড পজিটিভ ধৰা পৰাৰ পিছতে সামাজিক সংক্ৰমণ নিশ্চিত হৈ পৰিছে৷ যাৰ পৰিপেক্ষিতত সোমবাৰৰ পৰা গুৱাহাটীৰ ১২টা স্থানত ৫০,০০০ লোকৰ স্বাৱ পৰীক্ষা আৰম্ভ কৰিছে স্বাস্থ্যবিভাগে৷ স্বাৱ পৰীক্ষাৰ বাবে ৰাজ্যৰ স্বাস্থ্যবিভাগে নির্দ্ধাৰণ কৰা স্থানসমূহ হৈছে ক্ৰমে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়, মহেন্দ্ৰ মোহন চৌধুৰী হাস্পতাল, ধীৰেনপাৰা প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰ, পাণ্ডু প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰ, উলুবাৰী নগৰীয়া স্বাস্থ্যকেন্দ্ৰ, দিছপুৰ ৰাজধানী স্বাস্থ্যকেন্দ্ৰ, খানাপাৰা ৰাজ্যিক স্বাস্থ্যকেন্দ্ৰ, ভেটাপাৰা ৰাজ্যিক স্বাস্থ্যকেন্দ্ৰ, লখৰা ৰাজ্যিক স্বাস্থ্যকেন্দ্ৰ, বামুণীমৈদাম ৰাজ্যিক স্বাস্থ্যকেন্দ্ৰ, শান্তিপুৰ ৰাজ্যিক স্বাস্থ্যকেন্দ্ৰ, ওদালবাকৰা নিম্ন প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰ৷ ৩০ জুনলৈকে নিৰ্দ্ধাৰিত স্থানসমূহত কভিড পৰীক্ষা কৰিব পাৰিব জনসাধাৰণে৷ আনহাতে স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়ো সংবাদমেল যোগে ঘোষণা কৰিছে গুৱাহাটীত বাস কৰা লোকৰ এই পৰীক্ষাত যদিহে ২৫০ গৰাকী লোক কভিড আক্ৰান্তৰূপে চিনাক্ত হয় তেন্তে গুৱাহাটীত পুনৰ হ’ব লকডাউন৷ আনহাতে গুৱাহাটীত আক্ৰান্তৰ সংখ্যাৰ বৃদ্ধি পোৱাৰ সমান্তৰালভাৱে কণ্টেইনমেন্ট জ’নৰ সংখ্যাও বৃদ্ধি পাইছে৷ সোমবাৰে মহানগৰীত ২০টা নতুন  কণ্টেইনমেন্ট জ’নৰ ঘোষণা কৰিছে প্ৰশাসনে যাৰ পৰিপেক্ষিতত ১০৯টালৈ কণ্টেইনমেন্ট জ’নৰ সংখ্যা বৃদ্ধি পোৱাৰ লগতে বৰ্তমান সক্ৰিয় ৰূপত আছে ৮০ টা কণ্টেইনমেন্ট জ’ন৷ সোমবাৰে প্ৰশাসনে ঘোষণা কৰা নতুন ২০ টা কণ্টেইনমেন্ট জ’ন ক্ৰমে ৰিহাবাৰীৰ এ.কে আজাদ ৰ’ড, পল্টন বজাৰৰ  এচ.কে চেন ৰ’ড, উলুবাৰী আশ্ৰম ৰ’ড, বিষ্ণুপুৰৰ দেবেন শৰ্মা ৰ’ড, আঠগাঁও-৪, বিৰুবাৰী ১, ২, ৩ ৰ গোপীনাথ নগৰ, পাণ্ডুৰ ফেৰীঘাট কলিন, বিষ্ণুপুৰ-৩, মালিগাঁও ৰেচ কেম্প, বিষ্ণুপুৰৰ বিমলা নগৰ, কুমাৰপাৰাৰ গজেন কলিতা পথ, আঠগাঁও -৩, বেতকুছি দামোদৰ নগৰৰ বামুণপাৰা, ওদালবাকৰাৰ শংকৰ নগৰ, ধীৰেনপাৰাৰ ইটাভাটা৷