Local, Vocal, Global

লাডাখত গোলা-বাৰুদ বিহীন সংঘৰ্ষ, চীনা সেনাৰ সৈতে হোৱা হতাহতিত ৩ ভাৰতীয় সেনা শ্বহীদ, ৫ চীনা সৈন্য মৃত্যু হোৱাৰ দাবী ভাৰতৰ

ভাৰত চীন সীমান্তৰ লাড্ডাখত প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাৰ সমীপতে দুয়ো দেশৰ সীমান্তৰক্ষী জোৱানৰ মাজত হোৱা হতাহতিয়েই সৃষ্টি কৰিলে ভয়ংকৰ পৰিস্থিতিৰ। কোনো গুলি -বাৰুদ নুফুটাকৈয়ে এই সংঘৰ্ষত নিহত হ’ল ভাৰতীয় সেনাৰ এজন বিষয়াৰ লগতে দুজন জোৱান। কেৱল হতাহতি, ঠেলা- হেঁচাতেই তিনিজনকৈ ভাৰতীয় সেনা শ্বহীদ হোৱাৰ লগে লগে যেন লাড্ডাখ কেন্দ্ৰীক চীন-ভাৰত সীমা বিবাদ অধিক জটিল হৈ পৰিল। অথচ যোৱা সপ্তাহটোত লাড্ডাখত দুয়ো দেশৰ মাজত এক লেঃ জেনেৰেল পৰ্যায়ৰ আলোচনা আৰু তাৰ পিছতেই দুয়ো দেশৰ বিদেশ মন্ত্ৰালয়ৰ মাজত ভিডিঅ’ কণফাৰেন্সৰ জৰিয়তে হোৱা এক সচীব পৰ্যায়ৰ বৈঠকত সীমান্তৰ পৰিস্থিতি স্বাভাৱিক কৰি তোলাৰ ক্ষেত্ৰত সহমত পোষণ কৰা হৈছিল। লাড্ডাখক কেন্দ্ৰ কৰি যোৱা কিছু মাহ ধৰি চলি থকা অস্থিৰতা এই দুই আলোচনাৰ মাজেৰে ক্ৰমে উপশম হৈ উঠা সময়তে শনিবাৰে নিশা সংঘটিত হ’ল এই ঘটনা। লাড্ডাখৰ গালৱান অঞ্চলত উত্তেজনা উপশমৰ প্ৰক্ৰিয়া চলি থকাৰ মাজতে হঠাৎ দুয়ো দেশৰ দুদল সেনাৰ মাজত প্ৰথমে তৰ্কা তৰ্কি লাগে। আৰু তাৰ পৰাই হতাহতি, মাৰপিট। এই সংঘৰ্ষত চীনৰো ৫জনকৈ সেনাৰ মৃত্যু হোৱা বুলি দাবী কৰিছে ভাৰতীয় সেনাই ।
এই ঘটনাৰ পিছত বেইজিংৰ অভিযোগ, ঘটনাৰ সময়ত অধিক আগ্ৰাসী আছিল ভাৰতীয় সেনা। ভাৰতীয় সেনাৰ এটা দলে সীমান্তৰ আচৰণ বিধি উলংঘা কৰি চীনৰ মাটিত ভৰি দিবলৈ উত্ৰাৱল হৈ উঠা সময়তে চীনা সেনাৰ দলটোৱে বাধা দিবলৈ চেষ্টা কৰাৰ পৰাই সংঘৰ্ষৰ সূত্ৰপাত ঘটে। চীনৰ মতে এই ঘটনা সম্পূৰ্ণ প্ৰৰোচনামূলক। এই ঘটনাত তিনি ভাৰতীয় সেনা শ্বহীদ হ’ল যদিও দুয়ো পক্ষৰ কেইবাজনো আঘাতপ্ৰাপ্ত হৈছে কম-বেছি পৰিমাণে। এই অ-প্ৰত্যাশিত ঘটনাৰ পিছতেই দুয়োখন দেশৰ প্ৰতিৰক্ষা বিভাগ উঠি -পৰি লাগিছে পৰিস্থিতি ইমানতে নিয়ন্ত্ৰণ কৰাৰ লক্ষ্যৰে। সঘনে বৈঠকত বহিছে চীন-ভাৰতৰ উচ্চ পৰ্যায়ৰ সামৰিক বিষয়া সকল।