Local, Vocal, Global

বিহাৰৰ এজন যুৱকক ২.৫ কোটি টকাৰ স্কলাৰশ্বিপ

১৯ বছৰীয়া এজন ছাত্ৰ ঋত্বিক ৰাজে কৰা কামক লৈ এতিয়া সকলো গৌৰৱান্বিত। ঋত্বিক ৰাজৰ পঢ়াত আগ্ৰহ দেখি আমেৰিকাৰ এখন ইউনিভাৰচিটীয়ে ৰাজক ২.৫ কোটি টকা স্কলাৰশ্বিপ দিয়াৰ সিদ্ধান্ত লৈছে। আমেৰিকাৰ ৰাজধানী ৱাশ্বিংটন ডিচিৰ ঝাৰ্জটাউন ইউনিভাৰচিটীয়ে এই স্কলাৰশ্বিপ প্ৰদান কৰে। পাটনাৰ বাসিন্দা ঋত্বিক ৰাজ ৰেডিয়েন্স স্কুলৰ দ্বাদশ শ্ৰেণীৰ ছাত্ৰ। ১৯ বছৰীয়া ঋত্বিক ৰাজৰ ঝাৰ্জটাউন ইউনিভাৰচিটীয়ে ৪ বছৰলৈ তাৰ শিক্ষাৰ খৰচ বহন কৰিব। পঢ়াত দুৰ্দান্ত আগ্ৰহ থকা দেখি ৱাশ্বিংটনৰ ঝাৰ্জটাউন ইউনিভাৰচিটীয়ে ঋত্বিক ৰাজক প্ৰদান কৰে ২.৫ কোটি টকাৰ স্কলাৰশ্বিপ।